নিউজ ডেস্ক, ১৮ নৱেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত কামাখ্যাগুড়ী ৰে’ল ষ্টেচনৰ পুনৰ্বিকাশৰ কাম সম্পূৰ্ণ হোৱাৰ পৰ্যায়লৈ উপনীত হোৱাৰ কথা ঘোষণা কৰি সন্তুষ্টি প্ৰকাশ কৰিছে। নতুন ষ্টেচন ভৱন, উন্নত প্ৰৱেশ লবি, চতুৰ্দিশৰ এলেকাৰ অন্তৰ্ভূক্তিৰে ষ্টেচনটোৰ গুৰুত্বপূ্ৰ্ণ পুনৰ্বিকাশৰ কাম সম্পন্ন কৰা হৈছে। প্লেটফৰ্মসমূহ কোটা ষ্টোনেৰে শুৱনি কৰি নৱীকৰণ কৰা হৈছে, আধুনিক চাইনেজ স্থাপন কৰা হৈছে আৰু লিফ্টৰ সুৱিধাৰ সৈতে এখন ১২ মিটাৰ বহল নতুন ফুট অভাৰ ব্ৰিজ (আৰঅবি) নিৰ্মাণ কৰা হৈছে।
যাত্ৰীসকলৰ সুবিধাৰ্থে যেনে, নতুন অপেক্ষা কক্ষ, উন্নত টয়লেট ব্লক, উন্নত পাৰ্কিং স্থান আৰু নানা ৰঙী আলোকসজ্জাৰ ব্যৱস্থা আদিও সংযোজন কৰা হৈছে। স্থানীয় কলা-সংস্কৃতিৰ উপাদানেৰে, চৌপাশৰ সৌন্দৰ্যবৰ্ধনৰ জৰিয়তে এই ষ্টেচনটোক অধিক আধুনিক, সকলোৰে বাবে সহজলভ্য আৰু আকৰ্ষণীয় ৰূপত গঢ়ি তোলা হৈছে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুঠ ৯২ টা ষ্টেচন ক্ৰমান্বয়ে পুনৰ্বিকশিত কৰা হৈ আছে। এইকেইটাৰ ভিতৰত অসমত ৫০ টা, পশ্চিমবংগত ২৩ টা, বিহাৰত ৯ টা, ত্ৰিপুৰাত ৪ টা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যত (প্ৰত্যেকত এটাকৈ) মুঠ ৬ টাকৈ ষ্টেচন অন্তৰ্ভুক্ত কৰা হৈছে, য’ত বিভিন্ন পৰ্যায়ত নৱীকৰণৰ কাম আগবাঢ়ি আছে।
এই উন্নয়নমূলক কাৰ্যৰ ভিতৰত বৰ্ধিত যাত্ৰী সুবিধা, বৰ্ধিত সহজলভ্যতা, চতুৰ্দিশৰ এলেকাৰ নবীকৰণ, আধুনিক ষ্টেচন সন্মুখভাগ, বহুমুখী একত্ৰিতকৰণ আদি অন্তৰ্ভূক্ত আছে, যাৰ উদ্দেশ্য হৈছে অঞ্চলটোত সুৰক্ষিত, সুবিধাজনক আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত এক আন্তগাথঁনি প্ৰদান কৰা। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত কামাখ্যাগুড়ী ষ্টেচনৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ লগে লগে উত্তৰ-পূব সীমান্ত ৰে’লৱেই উত্তৰ-পূব ভাৰত আৰু চুবুৰীয়া ৰাজ্যসমূহৰ জনসাধাৰণৰ বাবে বিশ্বমানৰ সুবিধা আৰু আধুনিক ভ্ৰমণ অভিজ্ঞতা প্ৰদানৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিছে। এই আঁচনিৰ অধীনত চলি থকা পৰিবৰ্তনসমূহে অধিক পৰিষ্কাৰ-পৰিচ্ছন্ন, সুৰক্ষিত আৰু অধিক কাৰ্যক্ষম ৰেল ষ্টেচন গঢ়ি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি প্ৰদৰ্শন কৰিছে, যি দেশৰ আধুনিক ৰেল নেটৱৰ্কৰ ৰাষ্ট্ৰীয় প্ৰক্ষাপটৰ সৈতে সংগতি ৰাখিছে।
