গুৱাহাটী, ২০ নৱেম্বৰ ২০২৫ : উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ সমবায় ব্ৰেণ্ড ‘পূৰবী’য়ে নিজৰ বিপণন নেটৱৰ্ক দ্ৰুততাৰে সম্প্ৰসাৰণ ঘটাই বৃহস্পতিবাৰে গুৱাহাটীৰ নেহৰু পাৰ্কৰ (Nehru Park) সমীপত এটা নতুন মিল্ক বুথৰ শুভ উদ্বোধন কৰে। উল্লেখ্য যে, এয়া গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ (জি এম ডি এ)ৰ লগত সম্পন্ন হোৱা অংশীদাৰিত্বৰ জৰিয়তে মুকলি কৰা প্ৰথমটো বুথ। এই পদক্ষেপৰ মূল লক্ষ্য হৈছে পাৰ্কলৈ অহা নাগৰিক, প্ৰাতঃভ্ৰমণকাৰী, ছাত্ৰ-ছাত্ৰী আৰু গুৱাহাটী চহৰৰ বাসিন্দাসকলৰ বাবে উচ্চ মানদণ্ডৰ দুগ্ধজাত সামগ্ৰী অধিক সহজলভ্য কৰোৱা।
অসম চৰকাৰৰ সমবায় মন্ত্ৰী যোগেন মহনে এই নতুন মিল্ক বুথটো উদ্বোধন কৰে। তদুপৰি উদ্বোধনী অনুষ্ঠানত সমবায় সচিব আই এ এছ অনন্ত লাল জ্ঞানীৰ লগতে জি এম ডি এ তথা পূৰবীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। মন কৰিবলগীয়া যে, এই সহযোগিতাৰ জৰিয়তে জি এম ডি এয়ে গুৱাহাটীত পূৰবীৰ প্ৰি-ফ্ৰেব্ৰিকেটেড মিল্ক বুথ স্থাপনৰ বাবে তিনিটা স্থান আগবঢ়াইছে। নেহৰু পাৰ্কত এই নতুন মিল্ক বুথ মুকলিৰ পাছত পৰৱৰ্তী সময়ত আৰ জি বৰুৱা পথৰ শ্ৰদ্ধাঞ্জলি কানন আৰু আদাবাৰীৰ অটল উদ্যানৰ সমীপত অতি সোনকালে অন্য দুটা বুথ মুকলি কৰা হ’ব।
উদ্বোধনী অনুষ্ঠানত ভাষণ দি মন্ত্ৰী যোগেন মহনে পূৰবী আৰু জি এম ডি এৰ এই সহযোগিতাৰ শলাগ লয়। তেওঁ কয়, “পূৰবী ডেইৰীয়ে কৃষকসকলক শক্তিশালী কৰিবলৈ আৰু গাখীৰৰ উৎপাদন বৃদ্ধি কৰিবলৈ অহৰহ কাম কৰি আহিছে, আৰু সমগ্ৰ অসমৰ গ্ৰাহকসকলক সুৰক্ষিত, পুষ্টিকৰ সামগ্ৰী যোগান ধৰি আহিছে। জি এম ডি এৰ সৈতে লোৱা এই পদক্ষেপে নাগৰিকসকলক যথেষ্ট উপকৃত কৰিব আৰু ৰাজ্যখনৰ দুগ্ধ পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাতো অৰিহণা যোগাব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ‘অসম দুগ্ধ উন্নয়ন পৰিকল্পনা’ নামেৰে দুগ্ধ খণ্ডৰ বাবে এক দূৰদৰ্শী পৰিৱৰ্তনৰ পৰিকল্পনা আগবঢ়াইছে। সংগঠিত সমবায় দুগ্ধ খণ্ডত তেওঁ দৈনিক ১০ লাখ লিটাৰ দুগ্ধ পৰিচালনা কৰাৰ লক্ষ্য বান্ধি দিছে। এই মিল্ক বুথসমূহ স্থাপন কৰাটো এই বৃহৎ পৰিকল্পনাৰে অংশ।”
একেদৰে, জি এম ডি এৰ এগৰাকী বিষয়াই এই অংশীদাৰিত্বক লৈ সন্তোষ প্ৰকাশ কৰি কয়, “গুৱাহাটীৰ সৰ্বাধিক জনসমাগম হোৱা কিছুমান ৰাজহুৱা স্থানত এই কিয়স্কসমূহ স্থাপন কৰিবলৈ পূৰবীৰ সৈতে সহযোগিতা কৰি আমি আনন্দিত হৈছো। মানসম্পন্ন খাদ্যৰ সহজ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰাৰ লগতে নাগৰিকৰ সুবিধা বৃদ্ধিৰ দিশত আমি পূৰবীৰ সৈতে আমাৰ সম্পৰ্কক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে লৈছোঁ।” উল্লেখ্য যে, পূৰবীৰ সামগ্ৰীসমূহ পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)ৰ দ্বাৰা উৎপাদিত হয় আৰু নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেড (এন ই ডি এফ এল)ৰ দ্বাৰা বিপণন কৰা হয়। এন ই ডি এফ এল হৈছে অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড (এন ডি ডি বি)ৰ এক যৌথ উদ্যোগ। এন ই ডি এফ এলে সমগ্ৰ অঞ্চলটোত বিতৰণ ব্যৱস্থা শক্তিশালী কৰি গ্ৰাহকসকললৈ সতেজ আৰু পুষ্টিকৰ দুগ্ধজাত সামগ্ৰী সহজতে লাভ কৰাটো নিশ্চিত কৰিছে।
এন ই ডি এফ এলৰ পৰিচালন সঞ্চালক সত্যব্ৰত বসুৱে কয়, “পূৰবীত আমাৰ লক্ষ্য হৈছে অসমৰ প্ৰতিটো পৰিয়াললৈ সুৰক্ষিত, পুষ্টিকৰ আৰু উচ্চ মানদণ্ডৰ দুগ্ধজাত সামগ্ৰীৰ যোগান নিশ্চিত কৰা। মূল ৰাজহুৱা স্থানসমূহত আধুনিক মিল্ক বুথৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰি আমি পূৰবীক জনসাধাৰণৰ অধিক কাষ চপাই অনাৰ লগতে খাদ্য সুৰক্ষাকো শক্তিশালী কৰিছোঁ। জি এম ডি এৰ সৈতে হোৱা এই অংশীদাৰিত্ব নাগৰিকসকলৰ বাবে স্বাস্থ্যকৰ খাদ্য সহজে গ্ৰহণ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।” গুৱাহাটীৰ কেইবাটাও কৌশলগত স্থানত থকা পূৰবী ডেইৰীৰ বৰ্ধিত নেটৱৰ্কত এতিয়া এই নতুন বুথটোও সংযোজিত হ’ল৷ পূৰবী ডেইৰীৰ এই নেটৱৰ্কৰ ভিতৰত আছে জি এম চি এইচ চৌহদ, এ এছ টি চি – আই এছ বি টি খানাপাৰা, জনতা ভৱনৰ প্ৰৱেশদ্বাৰ, অসম ৰাজ্যিক চিৰিয়াখানাৰ বিপৰীত দিশ আৰু অন্যান্য জনবহুল কেন্দ্ৰসমূহ।
ৱামুলে বিশ্ব বেংকৰ পুঁজিৰে পৰিচালিত এপাৰ্ট প্ৰকল্পৰ অধীনত এই প্ৰি-ফেব্ৰিকেটত বুথসমূহ ক্ৰয় কৰিছে । এই বুথসমূহ ভিজি-কুলাৰ, চেষ্ট ফ্ৰীজাৰ, ডিপ ফ্ৰীজাৰ আৰু সুৰক্ষিত ক’ল্ড চেইনৰ সুবিধাৰে সু-সজ্জিত, যিয়ে গোটেই দিনটো সামগ্ৰীৰ সুৰক্ষা আৰু সতেজতা নিশ্চিত কৰে। ব্যস্ত গ্ৰাহকৰ সুবিধা বৃদ্ধিৰ লগতে স্বাস্থ্যসন্মত খাদ্যাভ্যাসক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে বিশেষভাৱে এই বুথসমূহ ডিজাইন কৰা হৈছে । লক্ষ্যণীয় যে, পূৰবী ডেইৰীয়ে অসমৰ দুগ্ধ খণ্ডৰ পৰিৱৰ্তনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁলোকে কৃষক আৰু উৎপাদক গোটসমূহক সহায় কৰি অহাৰ উপৰিও আধুনিক প্ৰক্ৰিয়াকৰণ পদ্ধতিৰে গ্ৰাহকৰ ওচৰলৈ তেওঁলোকৰ সামগ্ৰী লৈ যায়। লগতে, ফ্ৰেঞ্চাইজি ভিত্তিক এই নতুন কিয়স্ক মডেলেৰে পূৰবীয়ে স্থানীয় উদ্যোগীসকলৰ বাবে নতুন জীৱিকাৰ সুযোগো সৃষ্টি কৰিছে।
