গুৱাহাটী, ২২ নৱেম্বৰ, ২০২৫ : গুৱাহাটীৰ চচলস্থিত অসম টেনিছ সন্থাৰ (Assam Tennis Association) প্ৰকল্পত চলি থকা এছবিআই-আইটিএফ জুনিয়ৰ জে ৬০ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাত ল’ৰাৰ ডাবলচ শাখাৰ খিতাপ ভাৰতে অৰ্জন কৰাৰ বিপৰীতে ছোৱালীৰ ডাবলচ শাখাত চেম্পিয়ন হৈছে কাজাখস্তান৷ শুকুৰবাৰে আবেলি হোৱা ছোৱালীৰ ফাইনেলত কাজাখস্তানৰ শীৰ্ষ বাচনিৰ দুই খেলুৱৈ আলবিনা কাকেনোভা আৰু সাতীমা টৰেগেনে ভাৰতীয় যুটি জেনচি দীপকভাই কানাবৰ আৰু আকাংশা ঘোষক ৬-৩, ৬-২ ৰ পোনপটিয়া ছেটত পৰাস্ত কৰে৷
আনহাতে, ভাৰতীয় খেলুৱৈৰ মাজতে হোৱা ল’ৰাৰ ডাবলচৰ ফাইনেলত তনুষ ঘিলদিয়াল আৰু আৰাধ্যা ক্ষিতিজ যুটিয়ে ৭-৫, ৬-১ ৰ পোনপটিয়া ছেটত পৰাস্ত কৰে আদিত্য মোড় আৰু প্ৰনীল শৰ্মা যুটিক৷ সৰ্বভাৰতীয় টেনিছ সন্থা (আইটা) আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচন (আইটিএফ)ৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা ১৮ বছৰ অনূধ্বৰ্ৰ আন্তৰ্জাতিক প্ৰতিযোগিতাখনৰ ডাবলচ শাখাৰ বঁটা বিতৰণ অনুষ্ঠানো শুকুৰবাৰে অনুষ্ঠিত হয়৷ সদৌ অসম টেনিছ সন্থাৰ উপ সভাপতি সুব্ৰত শৰ্মা আৰু কোষাধ্যক্ষ স্বপ্নীল বৰঠাকুৰে চেম্পিয়ন-ৰানাৰ্ছআপক ট্ৰফী আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰে৷
ইফালে, শীৰ্ষ বাচনিৰ ভাৰতৰ আৰাধ্যা ক্ষিতিজ আৰু কাজাখস্তানৰ আলবিনা কাকেনোভে ল’ৰা-ছোৱালীৰ একক শাখাৰ ফাইনেলত প্ৰৱেশ কৰি কাইলৈ সামৰণি পৰিব লগা প্ৰতিযোগিতাখনত দ্বিমুকুট অৰ্জনৰ আশাও সজিৱ কৰিছে৷ শুকুৰবাৰে হোৱা ল’ৰাৰ ছেমিফাইনেলত ক্ষিতিজে ৬-২, ৬-২ ৰ পোনপটিয়া ছেটত ওম পেটেলক পৰাস্ত কৰাৰ বিপৰীতে দ্বিতীয় স্থানৰ প্ৰনীল শৰ্মাই ৪-৬, ৬-০, ৭-৫ ৰ ব্যৱধানত মনন অশোক আগৰৱালাক পৰাস্ত কৰে৷
আনহাতে, ছোৱালীৰ এককৰ ছেমিফাইনেলত কাজাখস্তানৰ আলবিনাই ৭-৫, ৬-৩ ৰ পোনপটিয়া ছেটত তৃতীয় বাচনিৰ শ্ৰীলংকাৰ ডিনাৰা ডি ছিলভাক পৰাস্ত কৰাৰ বিপৰীতে আনখন ছেমিফাইনেলত অঘটন ঘটাই কাজাখস্তানৰ দ্বিতীয় বাচনিৰ সাতীমা টৰেগেনক ৬-৪, ৬-১ ৰ পোনপটিয়া ছেটত পৰাস্ত কৰে ভাৰতৰ জেনচী দিপকভাই কানাবাৰে৷ শনিবাৰে পুৱা ৯.৩০ বজাৰ পৰা দুয়োখন ফাইনেল অনুষ্ঠিত হ’ব বুলি জনাইছে অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই৷
