নিউজ ডেস্ক, ৩০ জানুৱাৰী, ২০২৬ : ৰে’লৱে কৰ্মচাৰী আৰু সাধাৰণ জনতাৰ বাবে স্বাস্থ্যসেৱা (Healthcare) উপলব্ধতা অধিক শক্তিশালী কৰাৰ লক্ষ্যেৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ অধিক্ষেত্ৰৰ অন্তৰ্গত চিকিৎসা আন্তঃগাঁথনিৰ উন্নয়ন আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা প্ৰসাৰৰ বাবে একাধিক সক্ৰিয় উদ্যোগ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে, মালিগাঁওস্থিত কেন্দ্ৰীয় চিকিৎসালয়ত এটা ষ্টিম ষ্টেৰিলাইজাৰ অটোক্লেভ মেচিন আৰু এটা অত্যাধুনিক লেজট্ৰনিক্স লেজাৰ ডায়ড চিষ্টেমকে ধৰি অত্যাধুনিক চিকিৎসকীয় মেচিন স্থাপন কৰা হৈছে।
এই আধুনিক মেচিনসমূহে সংক্ৰমণ নিয়ন্ত্ৰণ ব্যৱস্থাক যথেষ্ট শক্তিশালী কৰাৰ লগতে অস্ত্ৰোপচাৰৰ সঠিকতা বৃদ্ধি কৰিব আৰু অধিক সুৰক্ষিত, দ্ৰুত আৰু ফলপ্ৰসূ চিকিৎসা নিশ্চিত কৰি তুলিব, পৰিণামস্বৰূপে ৰোগীৰ চিকিৎসা সামগ্ৰিক মানদণ্ড উল্লেখযোগ্যভাৱে উন্নত হ’ব।
চিকিৎসালয়ৰ সা-সুবিধাসমূহক অধিক উন্নত কৰি মালিগাঁওস্থিত কেন্দ্ৰীয় চিকিৎসালয়ত শেহতীয়াকৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীৱাস্তৱৰ লগতে জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গৰ উপস্থিতিত নৱনিৰ্মিত মেল চাৰ্জিকেল ৱাৰ্ডটোৰ উদ্বোধন কৰে।
আধুনিকীকৰণ কৰা এই ৱাৰ্ডত উন্নত আন্তঃগাঁথনি আৰু ৰোগীকেন্দ্ৰিক সা-সুবিধাসমূহ আছে, যি হিতাধিকাৰীসকলৰ বাবে অধিক আৰাম আৰু উন্নত মানসম্পন্ন চিকিৎসা সেৱা নিশ্চিত কৰিব। প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু সমাজ কল্যাণৰ ওপৰত গুৰুত্ব অধিক শক্তিশালী কৰি, উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ মণ্ডলসমূহত ১২৬ টা বহুমুখী স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰিছে। এই শিবিৰসমূহে বিস্তৃত চিকিৎসা পৰামৰ্শ, স্বাস্থ্য পৰীক্ষণ আৰু সচেতনতা কাৰ্যসূচী আগবঢ়াইছে, যি ৰে’লৱে কৰ্মচাৰীসকল, তেওঁলোকৰ পৰিয়াল আৰু স্থানীয় ৰাইজক উপকৃত কৰিছে লগতে প্ৰাথমিক ৰোগ নিৰ্ণয় আৰু স্বাস্থ্যকৰ জীৱনশৈলী গঢ়ি তোলাৰ দিশত সহায় হৈছে।
এই সফলতাসমূহৰ সংযোজনেৰে আলিপুৰদুৱাৰ মণ্ডলে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধীকৰণ (এফএছএছএআই)ৰ পৰা ১০ টা ‘ইট ৰাইট’ ষ্টেচন আৰু কেম্পাছ চাৰ্টিফিকেট প্ৰাপ্ত কৰাৰ সন্মান অৰ্জন কৰিছে। এই স্বীকৃতিয়ে সংশ্লিষ্ট মণ্ডলৰ ৰে’লৱে ষ্টেচন আৰু পৰিসৰত খাদ্য সুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পুষ্টিৰ উৎকৃষ্টতাৰ প্ৰতি মণ্ডলটোত দৃঢ় প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰি তুলিছে। সামগ্ৰিকভাৱে এই পদক্ষেপসমূহে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ স্বাস্থ্যসেৱা উৎকৃষ্টতা, কৰ্মচাৰী কল্যাণ আৰু জনসেৱাৰ প্ৰতি সামগ্ৰিক আৰু জনকেন্দ্ৰিক দৃষ্টিভংগীকেই প্ৰতিফলিত কৰে। ইয়াৰ জৰিয়তে সুৰক্ষিত, নিৰ্ভৰযোগ্য আৰু সহানুভূতিশীল ৰে’ল পৰিচালনা আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতিকেই পুনৰ নিশ্চিত কৰি তুলিছে।
