নিউজ ডেস্ক, ৩১ জানুৱাৰী, ২০২৬ : ভাৰতীয় ৰে’লৱেই (Indian Railway) উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত ছয়টা গুৰুত্বপূৰ্ণ নতুন ৰে’ল পথ প্ৰকল্পৰ অনুমোদন প্ৰদান কৰিছে, যি উত্তৰ বংগ আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱে আন্তগাঁথনিৰ শক্তিশালীকৰণ আৰু সংযোগ ক্ষমতা উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ৰে’লৱে বৰ্ডৰ এই সিদ্ধান্তই নিৰ্মাণ কামকাজসমূহৰ শীঘ্ৰে ৰূপায়ন সক্ষম কৰি তুলিছে, যি ৰে’ল যোগাযোগৰ দিশত চৰকাৰৰ আন্তগাঁথনি আধাৰিত উন্নয়ন আৰু আঞ্চলিক একত্ৰিতকৰণৰ প্ৰতি অবিৰত গুৰুত্বকেই প্ৰতিফলিত কৰিছে।
অনুমোদিত প্ৰকল্পসমূহৰ ভিতৰত ৰায়গঞ্জ-ইটাহাৰ (২২.১৬ কিলোমিটাৰ) আৰু গাজোল-ইটাহাৰ (২৭.২০ কিলোমিটাৰ) নতুন ৰে’ল পথ প্ৰকল্প অন্তৰ্ভুক্ত আছে। যথাক্ৰমে ১২৯.৩৪ কোটি টকা আৰু ৮৫.৫৯ কোটি টকাৰ অনুমানিক ব্যয় সাপেক্ষে এই ৰে’লপথসমূহে উত্তৰ আৰু দক্ষিণ দিনাজপুৰ জিলাত ৰে’লৰ সংযোগ ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব আৰু উত্তৰ-পূৰ্ব্বাঞ্চলৰ যাত্ৰী আৰু মালবাহী ৰে’লৰ চলাচল শক্তিশালী কৰি তুলিব। আন এক গুৰুত্বপূৰ্ণ প্ৰকল্প, ইটাহাৰ-বুনিয়াদপুৰ নতুন ৰে’লপথ (২৭.০৯৫ কিলোমিটাৰ) বিবেচনাধীন হৈ আছে। ২৮৭.৯৪ কোটি টকাৰ অনুমানিক ব্যয়সাপেক্ষে, এই ৰে’লপথে গ্ৰাম্য আৰু অৰ্ধ-নগৰীয় অঞ্চলসমূহৰ প্ৰৱেশাধিকাৰ উন্নয়ন কৰি অঞ্চলটোত আৰ্থসামাজিক উন্নয়নক সমৰ্থনেৰে পাঁচটা ষ্টেচনৰ জৰিয়তে গুৰুত্বপূৰ্ণ বাণিজ্য আৰু জনকেন্দ্ৰসমূহ সংযোগ কৰিব।
ৰে’লৱে বৰ্ডে শালছা-নক্সাল নতুন ৰে’লপথ প্ৰকল্পকো (১৯.৮৫ কিলোমিটাৰ) অনুমোদন প্ৰদান কৰিছে, যাৰ অনুমানিত ব্যয় হ’ব ২৯২.৯২ কোটি টকা আৰু ই ডুৱাৰ্ছ অঞ্চলত ৰে’ল সংযোগ ক্ষমতা উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে ৰে’লৱে নেটৱৰ্কক অধিক শক্তিশালী কৰি তুলিব। ইয়াৰ উপৰিও, ৰাজাভাতখাৱা-জয়ন্তী নতুন ৰে’লপথ প্ৰকল্পও (১৫.১৩ কিলোমিটাৰ) বিবেচনাধীন হৈ আছে, যি বক্সা টাইগাৰ ৰিজাৰ্ভৰ মাজেৰে অতিক্ৰম কৰিব, এই প্ৰকল্পটো ১৮০.১৬ কোটি টকাৰ অনুমানিক ব্যয় সাপেক্ষে, বহনক্ষম আৰু পাৰিপাৰ্শ্বিকভাৱে নিৰ্ভৰযোগ্য নিৰ্মাণৰ ওপৰত যথোচিত গুৰুত্ব প্ৰদানেৰে নিৰ্মাণ কৰা হ’ব, যি স্থানীয় গতিশীলতা বৃদ্ধি কৰিব আৰু আঞ্চলিক অৰ্থনৈতিক কামকাজসমূহক সমৰ্থন কৰিব।
ষষ্ঠ প্ৰকল্পটো, ৰায়গঞ্জ-ডালখোলা নতুন ৰে’লপথ প্ৰকল্প (৪৩.৪৩ কিলোমিটাৰ), ইয়াৰ অনুমানিক ব্যয় ২৯১.৫৩ কোটি টকা আৰু প্ৰাৰম্ভিক স্তৰত অধিক নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে, এই ৰে’লপথে ৰায়গঞ্জ আৰু ডালখোলাৰ মাজত অধিক ফলপ্ৰসূ ৰে’ল সংযোগৰ সৃষ্টি কৰি, যাত্ৰাৰ সময় হ্ৰাস কৰিব আৰু অঞ্চলটোত মালবাহী আৰু যাত্ৰীবাহী ৰে’ল চলাচলত সমৃদ্ধ কৰিব। এই ছয়টা নতুন ৰেলপথ প্ৰকল্পৰ অনুমোদনৰ সৈতে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই আন্তগাঁথনি বৃদ্ধি কৰি উত্তৰ-পূৰ্ব্বাঞ্চল আৰু পশ্চিম বংগত ৰে’ল সংযোগ ক্ষমতাৰ উন্নয়ন, সমমানৰ আঞ্চলিক উন্নয়নত অৰিহণা যোগোৱাৰ দিশত এই ৰেলৱেৰ প্ৰতিশ্ৰুতিকে পুনৰ নিশ্চিত কৰিছে।
