গুৱাহাটী, ১৪ মাৰ্চ ২০২৬ : ৬ষ্ঠ আদিংগিৰি (Adingiri) ৰাষ্ট্ৰীয় নাট্য উৎসৱ ২০২৬ৰ আনুষ্ঠানিকভাৱে শুকুৰবাৰে আদিংগিৰি পাহাৰৰ প্ৰাকৃতিক পৰিৱেশত উদ্ধোধন কৰা হয়। নাট্য উৎসৱটি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে নাট্য উৎসৱৰ সভাপতি দূৰ্গা খাটিৱাৰা আৰু সমাজ সেৱক বিজয় কলিতাই। অভিজ্ঞানমে আয়োজন কৰা এই নাট্য উৎসৱটি ১৩ মাৰ্চৰ পৰা ১৫ মাৰ্চ ২০২৬ লৈ অভিজ্ঞানম নাট্য ক্ষেত্ৰ, শংকৰদেৱ নগৰ মালিগাঁৱত অনুষ্ঠিত হৈ থাকিব।
প্ৰাকৃতিক পৰিৱেশৰ মাজত অনুষ্ঠিত এই উৎসৱৰ জড়িয়তে থিয়েটাৰ ট্যুৰিজিমৰ দিশত গুৰুত্ব আৰোপ কৰি দৰ্শকক নাটকৰ লগতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা চক্ৰ, কৰ্মশালা, মাষ্টাৰক্লাছ সংযোজন কৰা হৈছে, য’ত নাট্য জগতখনৰ লগত জড়িত ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰা ব্যক্তিত্বই পাঠদান দিব। অসমৰ লগতে পশ্চিমবংগৰ নাট্য দলে এই নাট্য উৎসৱত নাট পৰিৱেশন কৰিব। অসমৰ বিশিষ্ট নাট্যকাৰ, পৰিচালক হিমাংশু প্ৰসাদ দাস, মনিমালা দাস, মুকুল ঈডিপাছ, আৰু ৰনহাং চৌধুৰীৰ লগতে কলিকতাৰ পৰা অভিক চক্ৰৱৰ্তী আৰু অৰ্পণ চক্ৰৱৰ্তীয়ে তেওঁলোকৰ পৰিচালনাৰ নাটক এই উৎসৱত পৰিৱেশন কৰিব।
এই বৰ্ষত মঞ্চস্থ হ’বলগীয়া নাটকবোৰ হ’ল যথাক্ৰমে কৰ্দৈ শিৰীয়া পাহাৰৰ সাধু (দেংৰালি ক্ৰিয়েটৰচ হাব), এ ষ্টুপিড কমন মেন (অভিজ্ঞানম গুৱাহাটী), অগদুম বাঘাদুম (ফেমিলি পাৰ্ফমাৰ্চ ট্ৰুপ,কলিকতা), এ বি পি এল ল’ভ ষ্টৰি (গুৱেৰ্নিকা, মিৰ্জা) তমসা দি দাৰ্কেনিং লাইট (অগষ্ট থিয়েটাৰ, কলিকতা) জল্টি বুঢ়ীৰ জলফাই (সুনাগ, নলবাৰী)। এনেদৰেই নাটক, সৃষ্টিশীলতা আৰু অসমৰ প্ৰাকৃতিক ঐতিহ্যক উদযাপন কৰা এক সুকীয়া সাংস্কৃতিক মঞ্চ হিচাপে আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱে নিজৰ সুনাম সুদৃঢ় কৰি আহিছে।
