নিউজ ডেস্ক, ১৭ মাৰ্চ, ২০২৬ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) ১৩ মাৰ্চ তাৰিখে কোকৰাঝাৰত অনুষ্ঠিত এক কাৰ্যসূচীত বিভিন্ন ৰে’লৱে আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই কাৰ্যসূচীৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ বাশবাৰীত নিৰ্মাণাধীন ৱাগন পিৰিয়ডিকেল অভাৰহল (পি.ও.এইচ.) কাৰখানাও আছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এই প্ৰকল্পটো প্ৰায় ২৫৬ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলত মালবাহী ৱাগনৰ ৰক্ষণাবেক্ষণ ক্ষমতা শক্তিশালী কৰিবলৈ আলিপুৰদুৱাৰ মণ্ডলৰ অন্তৰ্গত প্ৰায় ৬৬৯ একৰ ভূমিত এই কাৰখানাটো বিকশিত কৰা হৈ আছে।

কাৰখানাটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত মেৰামতিৰ ক্ষমতা বৃদ্ধি কৰি আৰু টাৰ্ণএৰাউণ্ড সময় হ্ৰাস কৰাৰ জৰিয়তে মালবাহী ৱাগনৰ নিৰ্ভৰযোগ্যতা আৰু উপলব্ধতা বৃদ্ধি কৰিব। ইয়াৰ ফলত পৰিচালন দক্ষতা উন্নত হোৱাৰ লগতে বাঢ়ি অহা মালবাহী পৰিবহণত সহায় হ’ব আৰু অঞ্চলটোত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। এই প্ৰকল্পটো মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গতি শক্তি ইউনিটৰ অধীনত কাৰ্যকৰী কৰা হৈ আছে আৰু বৰ্তমান প্ৰাক-নির্মাণমূলক কাৰ্যসমূহ চলি আছে। বাশবাৰীত নিৰ্মাণাধীন এই কাৰখানাটোৱে উত্তৰ-পূৰ্ব ভাৰতত ৱাগন ৰক্ষণাবেক্ষণ ক্ষমতা যথেষ্ট শক্তিশালী কৰিব, দূৰৱৰ্তী কাৰখানাসমূহৰ ওপৰত নিৰ্ভৰতা হ্ৰাস কৰিব আৰু সমগ্ৰ অঞ্চলটোত চলাচল কৰা মালবাহী ৱাগনৰ নিৰ্ভৰযোগ্যতা আৰু সুৰক্ষা উন্নত কৰিব।

গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি কামসমূহৰ ভিতৰত ৩০০০ মিটাৰ দীঘল বাউণ্ডেৰি দেৱাল আৰু ফেঞ্চিং নিৰ্মাণ, জি+২ প্ৰশাসনিক ভৱন, এম্বেডেড ট্ৰেকসহ কাভাৰ্ড শ্বেড, ৰোড অভাৰ ব্ৰিজ লগতে ৰে’ল, শ্লীপাৰ আৰু বালাষ্টৰ দৰে স্থায়ী পথ সামগ্ৰী অন্তৰ্ভুক্ত আছে। বৈদ্যুতিক আন্তঃগাঁথনিত ৩৩ কে.ভি. ট্ৰান্সমিছন লাইন সংযোগ, ছাবষ্টেচন, ডিজি বেকআপ চিষ্টেম, হাই মাষ্ট আৰু এলইডি আলোকসজ্জাৰ ব্যৱস্থা অন্তৰ্ভুক্ত থাকিব। ইয়াৰ উপৰিও আধুনিক ৱাগন ৰক্ষণাবেক্ষণ কাৰ্য সুচাৰুৰূপে সম্পাদন কৰিবলৈ চিগনেলিং, টেলিকম আৰু উন্নত যান্ত্ৰিক সুবিধাসমূহ যেনে ইঅটি ক্ৰেন, চিএনচি পৰ্টেল হুইল লেথ, হুইল প্ৰেছ আৰু বগী মেনিপুলেটৰ ইনষ্টল কৰা হ’ব।

ৰে’লৱে পৰিচালন শক্তিশালী কৰাৰ উপৰিও, এই ৱৰ্কশ্বপটোৱে বাশবাৰী আৰু সমগ্ৰ কোকৰাঝাৰ জিলাত কৰ্মসংস্থাপন সৃষ্টি, দক্ষতা বিকাশৰ প্ৰসাৰ আৰু সহায়ক উদ্যোগসমূহৰ বৃদ্ধিৰে যথেষ্ট আৰ্থ-সামাজিক শ্ৰীবৃদ্ধি আনিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পটো ২০২০ চনৰ ২৭ জানুৱাৰীত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়োলেণ্ড গোটসমূহৰ মাজত বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ উন্নয়নৰ উদ্দেশ্যে স্বাক্ষৰিত বুজাবুজিৰ স্মাৰকৰ সৈতে সঙ্গতি ৰাখি ৰূপায়ণ কৰা ২০২৭ চনৰ ডিচেম্বৰ মাহলৈকে সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা এই কাৰখানাটোৱে আঞ্চলিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ উপৰিও সুগম পৰিচালনাৰ বাবে বাশবাৰী ৰে’লৱে ষ্টেচন আৰু গৌৰীপুৰ ৰোডৰ সৈতে ৰে’ল আৰু পথ সংযোগ স্থাপনৰ পৰিকল্পনাও কৰা হৈছে।