নিউজ ডেস্ক ৩ এপ্ৰিল, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিগত বিত্তীয় বৰ্ষৰ (Financial Year) সময়ছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ ইয়াৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মালবাহী ৰে’লৰ পৰিচালনত এক প্ৰশংসনীয় প্ৰদৰ্শন কৰিছে। উন্নত আন্তঃগাঁথনি, উন্নত টাৰ্মিনেল ব্যৱস্থাপনা আৰু ষ্টেকহল্ডাৰ সৈতে ঘনিষ্ঠ সমন্বয় সাধন কৰি, উত্তৰ পূৱ সীমান্ত ৰে’লৱেই খাদ্য শস্য, সাৰ, কয়লা, চিমেণ্ট আৰু পেট্ৰ’লিয়াম সামগ্ৰীৰ দৰে গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহৰ দক্ষ আৰু সময়মতে পৰিবহন নিশ্চিত কৰি তুলিছে।

এই জ’নটোৱে লোডিং দক্ষতা আৰু টাৰ্নএৰাউণ্ড সময় বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদানেৰে মালবাহী ৰে’ল পৰিবহন বৃদ্ধি আৰু সম্পদৰ ব্যৱহাৰ উন্নত কৰিছে। গ্ৰাহক-কেন্দ্ৰিক পদক্ষেপৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি সুব্যৱস্থিত বুকিং প্ৰক্ৰিয়া, বাস্তৱ-সময়ৰ ট্ৰেকিং আৰু মালবাহী টাৰ্মিনেলৰ বিকাশ, যি মাল পৰিবহনৰ নতুন ধাৰাক আকৰ্ষণ কৰাৰ লগতে উদ্যোগসমূহৰ সৈতে বিদ্যমান অংশীদাৰীত্ব শক্তিশালী কৰাত সহায় কৰি তোলে। উত্তৰ পূৱ সীমান্ত ৰে’লৱেই ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত মুঠ ১১.৪ নিযুত টন (এমটি) মালবাহী ৰে’লৰ লোডিং প্ৰাপ্ত কৰিছে, যি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ তুলনাত ৬ শতাংশ অধিক বৃদ্ধি।

এই বৃদ্ধিয়ে সামগ্ৰী পৰিবহনৰ দক্ষতাৰ উন্নতকৰণ কৰা আৰু মালবাহী ক্ষমতা বৃদ্ধি কৰাৰ ওপৰত সংমণ্ডলটোৰ অবিৰত গুৰুত্বকেই প্ৰতিফলিত কৰিছে। বছৰটোৰ ১,৪৮৮ ৰেক লোড কৰাৰ সৈতে সামগ্ৰীসমূহৰ ভিতৰত, পেট্ৰ’লিয়াম তেল আৰু লুব্ৰিকেণ্টে (পিঅ’এল) হৈছে ইয়াৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। অন্যান্য গুৰুত্বপূৰ্ণ সামগ্ৰী যেনে- চিমেণ্ট, ষ্টোন চিপচ, ডলমাইট আৰু বেম্বো চিপসমূহৰো পৰিবহন উল্লেখযোগ্যভাৱে বৃদ্ধি হৈছে, যি মালবাহী ৰে’লৰ পৰিবহনৰ সামগ্ৰিক বৃদ্ধিত অৰিহণা যোগাইছে।

মালবাহী ৰে’লৰ পৰিচালনতো গুৰুত্বপূৰ্ণ অগ্ৰগতি দেখা গৈছে, মালবাহী ৰেকৰ মুঠ আনলোডিং ৬৮৮ ৰেকলৈ বৃদ্ধি হৈছে যি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ১২,৩৪৬ ৰেকৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ  ১৩,০৩৪ ৰেকলৈ বৃদ্ধি হয়। এই বৃদ্ধিয়ে উন্নত টাৰ্মিনেল উৎপাদনশীলতা আৰু মণ্ডলসমূহৰ মাজত উন্নত সমন্বয়ৰ ওপৰতেই গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও, মুখ্য সামগ্ৰীসমূহৰ আনলোডিঙৰ প্ৰদৰ্শনে উৎসাহজনকভাৱে বৃদ্ধি ৰেকৰ্ড কৰিছে। অটোমোবাইলৰ পৰিবহন ২২ শতাংশ, আনহাতে চিমেণ্টৰ আনলোডিং ১৮ শতাংশ বৃদ্ধি হৈছে। ষ্টোন চিপছ, খাদ্য শস্য (এফচিআই) আৰু সাৰ খণ্ডইয়ো ইতিবাচক উন্নয়নৰ প্ৰৱণতা দেখুৱাইছে। টাৰ্মিনেল স্তৰত, কেইবাটাও ষ্টেচনে আনলোডিঙৰ কাম-কাজত শক্তিশালী প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে।

বাইহাটা ষ্টেচনে ২৪ শতাংশ বৃদ্ধিৰ সৈতে শীৰ্ষ প্ৰদৰ্শনকাৰী হিচাপে পৰিগণিত হৈছে, তাৰ পিছত চাংসাৰি আৰু ষ্টাৰ টাৰ্মিনেল, প্ৰত্যেকৰে ১৮ শতাংশ বৃদ্ধি হৈছে। আজাৰা আৰু জিৰানীয়াৰ দৰে টাৰ্মিনেলসমূহেও স্থিতিশীল অগ্ৰগতি প্ৰদৰ্শন কৰি সংমণ্ডলটোৰ লজিষ্টিক নেটৱৰ্কক অধিক শক্তিশালী কৰি তোলে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ সামগ্ৰিক প্ৰদৰ্শনে পৰিচালন উৎকৃষ্টতা, আন্তঃগাঁথনিৰ বিকাশ আৰু গ্ৰাহক-কেন্দ্ৰিক পদক্ষেপৰ প্ৰতি ইয়াৰ অবিৰত প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে। গুৰুত্বপূৰ্ণ মালবাহী খণ্ড আৰু টাৰ্মিনেলসমূহত অবিৰত গতিশীলতাৰ সৈতে, উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশক সহাঁৰি জনোৱাৰ বাবে আৰু অনাগত বছৰসমূহত মালবাহী ৰেলৰ প্ৰদৰ্শন অধিক বৃদ্ধি কৰাৰ অৰ্থে উত্তৰ পূৱ সীমান্ত ৰে’লৱেই ইয়াৰ মালবাহী ক্ষমতা অধিক বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।