নিউজ ডেস্ক, ২৪ মে’ ২০২৬ : উত্তৰ পূব সীমান্ত ৰে’লৱেই ২৩ মে’, তাৰিখে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰযোৰা মহত্বপূৰ্ণ নিযুক্তি অভিযানৰ এক অংশৰূপে তিনিখন প্ৰধান চহৰ ক্ৰমে গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়ীত সফলতাৰে ৰোজগাৰ মেলাৰ (Rozgar Mela) আয়োজন কৰে। প্ৰধানমন্ত্ৰীৰ কৰ্মসংস্থান সৃষ্টিৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি, এই কাৰ্যসমূহে বিভিন্ন চৰকাৰী বিভাগৰ বাবে নৱনিযুক্ত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ বিতৰণৰ দ্বাৰা দেশৰ যুৱকসকলক সৱলীকৰণ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে।

যুৱ সৱলীকৰণ আৰু বৃহৎ পৰিসৰৰ কৰ্ম সৃষ্টিৰ দিশত এক দৃষ্টান্তমূলক পদক্ষেপ ৰূপে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দিনৰ ১১.০০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰে সমগ্ৰ দেশৰ নৱনিযুক্ত প্ৰাৰ্থীসকলক ৫১,০০০ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ লগতে প্ৰাৰ্থীসকলক সম্বোধন কৰে। নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে যুৱসকলক ৰাষ্ট্ৰ নিৰ্মাণ আৰু জনসেৱাৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে স্বচ্ছ, যোগ্যতাভিত্তিক আৰু আধুনিক প্ৰযুক্তিসম্পন্ন নিয়োগ প্ৰক্ৰিয়া নিশ্চিত কৰাৰ বাবে চৰকাৰৰ অব্যাহত প্ৰচেষ্টাৰ কথাও উল্লেখ কৰে।

এইবাৰৰ “ৰোজগাৰ মেলা”ৰ এইবাৰৰ সংস্কৰণ উত্তৰ পূব সীমান্ত ৰে’লৱে সংমণ্ডলৰ বিভিন্ন স্থানৰ সৈতে ভাৰতৰ ৪৭ টা ঠাইত একে সময়তে আয়োজন কৰা হয়। প্ৰতিটো স্থানত প্ৰায় ৪০০ জন অংশগ্ৰহণকাৰী উপস্থিত থাকে, যাৰ ভিতৰত প্ৰায় ২০০ জন নবনিযুক্ত নিৰ্বাচিত প্ৰাৰ্থী আছিল। অনুষ্ঠানত উপস্থিত বিশিষ্ট অতিথিসকলে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ হাতত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰে। এই পদক্ষেপে কৰ্মসংস্থান সৃষ্টি, ত্বৰান্বিত নিয়োগ প্ৰক্ৰিয়া নিশ্চিত কৰাৰ লগতে যথাৰ্থতে জীৱিকাৰ সুৱিধাৰ দিশত যুৱ প্ৰজন্মক সৱলীকৰণ কৰাৰ দিশত ভাৰত চৰকাৰৰ অব্যাহত প্ৰতিশ্ৰুতি পুনৰ প্ৰতিফলিত কৰিছে।

গুৱাহাটীত মালিগাঁওস্থিত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ৰ ৰং ভৱন প্ৰেক্ষাগৃহত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰবিহন আৰু জলপথ বিভাগৰ মাননীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গুৱাহাটী লোকসকলৰ সাংসদ বিজুলী কলিতা মেধিৰ গৌৰৱময় উপস্থিতিত তথা উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অতিৰিক্ত মহাপ্ৰৱন্ধক বীৰ ভদ্ৰ বিশ্বকৰ্মা ও ৰে’লৱে বিষয়াবৰ্গৰ উপস্থিতিত এই ৰোজগাৰ মেলাৰ আয়োজন কৰা হয়। উপস্থিত এই সন্মানীয় ব্যক্তিসকলে নৱ নিযুক্ত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ বিতৰণ কৰে। একে ধৰণে ডিমাপুৰত এই অনুষ্ঠান ডিমাপুৰস্থিত টাউন হলত অনুষ্ঠিত হয়। অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে। ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু আমন্ত্ৰিত গণ্যমান্য ব্যক্তিৰ উপস্থিতিত নিৰ্বাচিত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়।

শিলিগুড়ীত অনুষ্ঠানত গ্ৰামীণ বিকাশ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কমলেশ পাছোৱান, জলপাইগুড়ীৰ সাংসদ ডাঃ জয়ন্ত কুমাৰ ৰয়ৰ লগতে স্থানীয় বিধায়কসকলৰ উপস্থিতিত নিউ জলপাইগুড়ী স্থিত কাশ্মীৰ কলোনীৰ ভিআইপি অফিচাৰ্ছ ৰেষ্ট হাউছত আয়োজন কৰা হয়। ডজলজজনৱ নিযুক্ত প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ৰাজহুৱা সেৱাৰ প্ৰতি তেওঁলোকৰ এই নতুন যাত্ৰাৰ বাবে তেওঁলোকক উৎসাহিত কৰে। এই নিযুক্তিসমূহে ৰে’ল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, ডাক বিভাগ, বিত্তীয় সেৱা বিভাগ আৰু শ্ৰম বিভাগৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগসমূহৰ এক বিস্তৃত পৰিসৰ সামৰি লয়।

এই ৰোজগাৰ মেলাৰ পদক্ষেপে চৰকাৰী সেৱাত এক সুৰক্ষিত আৰু গুৰুত্বপূৰ্ণ জীৱিকাৰ সৈতে দেশৰ যুৱকসকলক সংযুক্ত কৰি ৰখাৰ বাবে এক গুৰুত্বপূর্ণ মঞ্চ হিচাপে কাম কৰি আহিছে। উত্তৰ পূব সীমান্ত ৰে’লৱেই এনেধৰণৰ নিযুক্তি পৰিচালিত পদক্ষেপৰ জৰিয়তে ৰাষ্ট্ৰৰ বিকাশত সহায় কৰাৰ অৰ্থে আৰু যুৱশক্তি সবলীকৰণৰ দিশত এক অগ্ৰণী ভূমিকা পালন কৰি আহিছে।