নিউজ ডেস্ক, ৭ জুন, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নিউ জলপাইগুড়ীৰ (New Jalpaiguri) টিকট পৰীক্ষণ শাখাই বিগত বৰ্ষৰ মে’ মাহত সময়ছোৱাত ২.০৮ কোটি টকাৰো অধিক ৰাজহৰ অভূতপূৰ্ব উপাৰ্জনেৰে এক ঐতিহাসিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এয়া সমগ্ৰ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ যিকোনো শাখাই এতিয়ালৈকে অৰ্জন কৰা সৰ্বোচ্চ মাহিলী টিকট পৰীক্ষণ ৰাজহ ৰূপে পৰিগণিত হৈছে।
এই উল্লেখনীয় সফলতা টিকটৰ সঠিক নিয়মাৱলী নিশ্চিতকৰণ, টিকটবিহীন যাত্ৰা ৰোধ কৰা আৰু ৰে’লৱেৰ ৰাজহ সুৰক্ষিত কৰাৰ দিশত টিকট পৰীক্ষণ কৰ্মচাৰীবৰ্গৰ অসাধাৰণ নিষ্ঠা, পেছাদাৰিত্ব আৰু অবিৰত প্ৰয়াসকে প্ৰতিফলিত কৰিছে। এই সফলতা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পৰিচালন উৎকৰ্ষতা আৰু ফলপ্ৰসূ ৰাজহ সুৰক্ষা অভিযানৰ এক উজ্জ্বল উদাহৰণ। এই অভিলেখ ভংগকাৰী প্ৰদৰ্শন ধাৰাবাহিক টিকট পৰীক্ষণ অভিযান, আইনৰ নিখুঁত প্ৰয়োগ আৰু নিউ জলপাগুড়ী টিকট পৰীক্ষণ কৰ্মীবৰ্গৰ সমন্বিত টীম ৱৰ্কৰ জৰিয়তে সম্ভৱ হৈ উঠিছে।
উক্ত মাহটোত শাখাটোৱে এক উল্লেখযোগ্য গড়ে প্ৰতিদিনে ৬.৫৪ লাখ (প্ৰায়) টকাৰো অধিক ৰাজহ উপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে ৯ মে’/তাৰিখে এদিনতে সৰ্বোচ্চ ৯.৬৫ লাখ (প্ৰায়) টকাৰো অধিক ৰাজহ আদায় কৰিবলৈ সক্ষম হয়। নিউ জলপাইগুড়ী/টিটিই লবীৰ এক সমৰ্পিত কৰ্মচাৰীবৰ্গৰ দ্বাৰা সম্পন্ন হোৱা এই লক্ষ্যণীয় সফলতাই তেওঁলোকৰ কৰ্তব্য আৰু দায়িত্ববোধৰ দিশত সমগ্ৰ টীমটোৰ অতুলনীয় সমৰ্পন, অসাধাৰণ কৰ্ম দক্ষতা আৰু আন্তৰিক প্ৰচেষ্টাকেই প্ৰতিফলিত কৰিছে। এই সফলতাত কেইবাজনো টিকট পৰীক্ষণ কৰ্মচাৰীৰ উল্লেখযোগ্য প্ৰদৰ্শনে বহু পৰিমাণে অৰিহণা যোগাইছে।
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ আৰু উচ্চপদস্থ বিষয়াবৰ্গই নিউ জলপাইগুড়ী টিকট পৰীক্ষণ টীমটোক এই অসাধাৰণ সফলতাৰ বাবে অভিনন্দন জনায় আৰু এই সফলতা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰাজহ সুৰক্ষা পদক্ষেপ, স্বচ্ছতা, দায়িত্ববোধ আৰু সঠিক টিকেটিং সচেতনতাৰেই পৰিণাম বুলি অভিহিত কৰিছে। নিউ জলপাইগুড়ীৰ টিকট পৰীক্ষণ শাখাৰ এই সফলতাই সমগ্ৰ উত্তৰ-পূব সীমান্ত ৰেলৱে সংমণ্ডলৰ সমুদায় কৰ্মচাৰীবৰ্গৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰ’ব আৰু তেওঁলোকক সেৱা আৰু কৰ্ম প্ৰদৰ্শনৰ দিশত অধিক উৎকৰ্ষ সাধন কৰিবলৈ উৎসাহিত কৰিব।
