নিউজ ডেস্ক, ৯ জুন, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত ইউনেস্কো বিশ্ব ঐতিহ্যবাহী পাৰ্বত্য ৰে’লপথ দাৰ্জিলিং হিমালয়ান ৰে’লৱেই (ডিএইচআৰ), প্ৰতিষ্ঠাৰ সময়ৰ পৰাই ইয়াৰ ইতিহাসত এমাহত সৰ্বাধিক ৰাজহ উপাৰ্জনৰ এক নতুন অভিলেখ গঢ়ি তুলিবলৈ সক্ষম হয়। চলিত বৰ্ষৰ মে’ মাহৰ সময়ছোৱাত দাৰ্জিলিং হিমালয়ান ৰে’লৱেই এক অভূতপূৰ্ব ৩৯৫.৬০ লাখ টকাৰ ৰাজহ (Revenue) উপাৰ্জেনেৰে ২০২৫ বৰ্ষৰ মে’ মাহত উপাৰ্জিত ৩৫৮.৬০ লাখ টকাৰ অভিলেখক অতিক্ৰম কৰিবলৈ সক্ষম হয়।

এই সফলতাই দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটক আৰু ৰে’লৱে অনুৰাগীসকলৰ মাজত এই ঐতিহ্যবাহী ৰে’লপথৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাকেই প্ৰতিফলিত কৰিছে। অভিলেখ ভঙ্গকাৰী ৰাজহৰ এই উপাৰ্জন মূলতঃ পৰ্যটক আগমনৰ শীৰ্ষ ঋতুৰ সময়ছোৱাত বিশেষকৈ দাৰ্জিলিঙৰ নান্দনিক পাহাৰীয়া অঞ্চলসমূহৰ মাজেৰে চলাচল কৰা ঐতিহ্যবাহী জয়ৰাইড আৰু নিয়মীয়া যাত্ৰীবাহী ৰে’লসমূহৰ জৰিয়তে যাত্ৰীৰ শক্তিশালী পৃষ্ঠপোষকতাৰ বাবে সম্ভৱপৰ হৈ উঠিছে।

এই ক্ৰমবৰ্ধমান চাহিদাই বিশ্বপ্ৰসিদ্ধ নেৰ’ গজৰ ৰে’লৱেৰ প্ৰতি পৰ্যটকৰ ক্ৰমবৰ্দ্ধমান আকৰ্ষণ আৰু উত্তৰ-পূৰ্ব সীমান্ত ৰে’লৱেৰ দ্বাৰা যাত্ৰী স্বাচ্ছন্দ্যৰ উন্নয়ন আৰু ঐতিহ্যবাহী পৰ্যটনৰ প্ৰসাৰৰ সফলতাকে প্ৰতিফলিত কৰে। বিগত পাঁচ বছৰৰ সময়ছোৱাত দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ ৰাজহ উপাৰ্জনৰ ধাৰাই এক উল্লেখযোগ্য অগ্ৰগতি প্ৰদৰ্শন কৰিছেঃ যেনেঃ ২০২২ বৰ্ষৰ মে’ মাহৰ সময়ছোৱাত ৩১৯.৬৪ লাখ টকা, ২০২৩ বৰ্ষৰ মে’ মাহৰ সময়ছোৱাত ৩৫৮.১৮ লাখ টকা, ২০২৪ বৰ্ষৰ মে’ মাহৰ সময়ছোৱাত ২৮৮.৫৮ লাখ টকা, ২০২৫ বৰ্ষৰ মে’ মাহৰ সময়ছোৱাত ৩৫৮.৬০ লাখ টকা আৰু ২০২৬ বৰ্ষৰ মে’ মাহৰ সময়ছোৱাত অভিলেখ ভঙ্গকাৰী ৩৯৫.৬০ লাখ টকা এই ৰে’লৱেই উপাৰ্জন কৰিবলৈ সক্ষম হয়।

যাত্ৰীৰ ক্ৰমবৰ্দ্ধমান চাহিদা ব্যতিক্ৰমীভাৱে বৃদ্ধি হৈ থকাৰ সময়তে দাৰ্জিলিং হিমালয়ান ৰে’লৱেই চলিত মাহতো এই ধাৰা বজাই ৰাখিব বুলি আশা কৰা হৈছে। বুকিঙৰ বৰ্তমানৰ প্ৰৱণতা আৰু ট্ৰাফিক পেটাৰ্ণ অনুসৰি জুন ২০২৬ ৰ ৰাজহ ৩৭০.০০ লাখ টকা অতিক্ৰম কৰিব বুলি অনুমান কৰা হৈছে, যি ৰে’লৱেৰ ইতিহাসত এক অন্যতম শীৰ্ষ ৰাজহ আদায়কাৰী জুন মাহ ৰূপে পৰিগণিত হ’ব। এই ঐতিহাসিক সফলতাই দাৰ্জিলিং হিমালয়ান ৰে’লৱেক ভাৰতৰ অন্যতম সমৃদ্ধ ঐতিহ্যবাহী আকৰ্ষণ হিচাপে পৰ্যটকৰ ক্ৰমবৰ্ধমান চাহিদাকে প্ৰতিফলিত কৰিছে।

এই ইউনেস্কো বিশ্ব ঐতিহ্য ৰে’লপথক উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা ইয়াৰ এক অনন্য উত্তৰাধিকাৰ ৰূপে সংৰক্ষণ কৰাৰ লগতে সেৱা আৰু সুৰক্ষা মানদণ্ডৰ লগতে পৰ্যটকৰ অভিজ্ঞতাক অবিৰতভাৱে উন্নত কৰিছে। ৰাজহ উপাৰ্জনৰ এই শক্তিশালী প্ৰদৰ্শনে দাৰ্জিলিং অঞ্চলৰ পৰ্যটনৰ প্ৰসাৰ আৰু আৰ্থিক বিকাশত দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ উল্লেখনীয় ভূমিকাকে প্ৰতিফলিত কৰিছে।