নিউজ ডেস্ক, ১০ জুন, ২০২৬ :  বিশ্ব পৰিৱেশ দিৱস ২০২৬ উদযাপনৰ অংশ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱে (NF Railway) মহিলা কল্যাণ সংস্থাই (এনএফআৰডব্লিউডব্লিউঅ’) ইয়াৰ সভানেত্ৰী শালিনী শ্ৰীবাস্তৱৰ নেতৃত্বত এক বৃক্ষৰোপণ অভিযান আয়োজন কৰাৰ লগতে আৰু পাণ্ডুস্থিত জাগৃতি শিক্ষা নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গছপুলি বিতৰণ কৰে। ইয়াৰ দ্বাৰা এই ৰে’লৱেই পাৰিপাৰ্শ্বিক সচেতনতা প্ৰসাৰ কৰাৰ লগতে এক সেউজ, পৰিচ্ছন্ন ভৱিষ্যত গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিকেই পুনৰ নিশ্চিত কৰি তুলিছে।

এই অনুষ্ঠানে ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ সংৰক্ষণৰ প্ৰচেষ্টাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ লগতে বৃক্ষৰোপণ আৰু বহনক্ষম অনুশীলনৰ জৰিয়তে প্ৰকৃতিৰ সুৰক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে। শিশুসকলৰ মাজত গছৰ পুলি বিতৰণ কৰি বৃক্ষৰ পৰিপোষণ আৰু স্বাস্থ্যসন্মত পৰিৱেশ গঢ়ি তোলাৰ বাৰ্তা প্ৰদান কৰা হয়। ১৯৭৫ বৰ্ষত পাণ্ডুৰ ৰে’লৱে বসতি প্ৰধান অঞ্চলত স্থাপিত জাগৃতি শিক্ষা নিকেতন শিক্ষাৰ এক সাধাৰণ শিক্ষানুষ্ঠান হিচাপে আৰম্ভ হয় আৰু কালক্ৰমে পাণ্ডু আৰু মালিগাঁও অঞ্চলৰ শিক্ষাৰ পৰা বঞ্চিত শিশুসকলৰ বাবে প্ৰাথমিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰত পৰিণত হয়।

বিগত পাঁচ দশক ধৰি বিভিন্ন সংগঠন, দাতা আৰু শুভাকাংক্ষীসকলৰ সহযোগত এই শিক্ষা প্ৰতিষ্ঠানে অবিৰতভাৱে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। বৰ্তমানে উত্তৰ-পূব সীমান্ত ৰে’লৱে মহিলা কল্যাণ সংস্থাৰ সভানেত্ৰী শালিনী শ্ৰীবাস্তৱৰ নেতৃত্ব আৰু পৃষ্ঠপোষকতাত এই বিদ্যালয়খনে প্লে গ্ৰুপৰ পৰা পঞ্চম শ্ৰেণী পৰ্যন্ত ১৬০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীক মানসম্পন্ন শিক্ষা প্ৰদান কৰি আহিছে। শিক্ষক-শিক্ষয়িত্ৰী আৰু বিদ্যালয় কৰ্মচাৰীৰ এক সমৰ্পিত টীমৰ সহযোগেৰে এই প্ৰতিষ্ঠানে শৈক্ষিক, সাংস্কৃতিক আৰু অতিৰিক্ত পাঠ্যক্ৰমিক কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে।

বিদ্যালয়খনে ইয়াৰ সেৱাৰ উল্লেখনীয় ৫০ বছৰীয়া পৰিক্ৰমা উদযাপন কৰাৰ লগে লগে, শিশুসকলৰ বাবে আৰু অধিক অনুকূল শিক্ষণ পৰিৱেশ সৃষ্টি কৰাৰ অৰ্থে সা-সুবিধাসমূহৰ আৰু অধিক উন্নয়ন আৰু আধুনিকীকৰণৰ পৰিকল্পনা কৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱে মহিলা কল্যাণ সংস্থাই শৈক্ষিক পদক্ষেপ আৰু সমাজৰ সামগ্ৰিক বিকাশত অৰিহণা যোগোৱা সামূহিক কল্যাণ কাৰ্যসমূহৰ প্ৰতি সহযোগিতাৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ ৰৈছে।