গুৱাহাটী, ১২ ছেপ্টেম্বৰ, ২০২৬ : মহানগৰীৰ খাদ্যসংস্কৃতিলৈ এক অনন্য মাত্ৰা কঢ়িয়াই আনিছে বিশ্ববিখ্যাত জাপানী ৰন্ধনশৈলীৰ আভিজাত্যই। জাপানৰ পৰম্পৰাগত সোৱাদ আৰু মাৰ্জিত আতিথ্যৰ সৈতে খাদ্যৰসিকসকলক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে ৰেডিচন ব্লু গুৱাহাটীয়ে আগবঢ়াইছে এক বিশেষ আমন্ত্ৰণ। হোটেলখনৰ নান্দনিক ৰেষ্টুৰেণ্ট ‘নেষ্টএছিয়া’ত ৮ ছেপ্টেম্বৰৰ পৰা ২০ ছেপ্টেম্বৰলৈ আয়োজন কৰা হৈছে জাপানী খাদ্য (Japanese Food) সম্ভাৰেৰে সমৃদ্ধ সুকীয়া ডাইনিং কাৰ্যসূচী ‘চাকুৰা এণ্ড স্পিৰিটছ-অটাম কাইচেকি নাইটছ’।
শৰতৰ স্নিগ্ধ পৰিৱেশক খাদ্যৰ জৰিয়তে অনুভৱ কৰোৱাৰ লক্ষ্যৰে সজাই তোলা এই বিশেষ কাৰ্যসূচীয়ে জাপানৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু চহকী পৰম্পৰাক তুলি ধৰিছে। দেশখনৰ ঐতিহ্যবাহী ‘কাইচেকি’ ৰন্ধন কলাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এই আয়োজনত ঋতুভিত্তিক সতেজ উপাদান, সোৱাদৰ নিখুঁত ভাৰসাম্য, অনন্য গঠন আৰু অপৰূপ পৰিৱেশনৰ এক নান্দনিক সমাহাৰ ঘটিছে, যিয়ে ইতিমধ্যে মহানগৰীৰ খাদ্যপ্ৰেমীসকলৰ মাজত ব্যাপক কৌতূহলৰ সৃষ্টি কৰিছে। উল্লেখ্য যে ৮ ছেপ্টেম্বৰৰ পৰা আগন্তুক ২০ ছেপ্টেম্বৰলৈ প্ৰতিসন্ধিয়া ৭:০০ বজাৰ পৰা নিশা ১১:০০ বজালৈ উপলব্ধ এই বিশেষ মেন্যুত অন্তৰ্ভূক্ত কৰা হৈছে বিভিন্ন জাপানী সোৱাদৰ এক সুপৰিকল্পিত সমাহাৰ।
খাদ্য সম্ভাৰৰ আৰম্ভণিতে ৰখা হৈছে পনজু ছছেৰে ভজা মাটছুটাকে কাঠফুলা আৰু সুগন্ধি ইউজুকেন্দ্ৰিক জিন এণ্ড টনিক। ইয়াৰ পাছতেই খাদ্যৰসিকসকলৰ বাবে আগবঢ়োৱা হৈছে টফু আৰু শৰতৰ সতেজ শাক-পাচলিৰে প্ৰস্তুত নিৰ্মল ব্ৰথ। খাদ্যপ্ৰেমীসকলৰ বাবে পৰৱৰ্তী স্তৰত সজাই তোলা হৈছে ঋতুভিত্তিক ছাছিমি প্লেটাৰ, গ্ৰিল্ড টেৰিয়াকি আৰু ছিটাকী চাৱানমুছি। ঠিক তেনেদৰে পৰৱৰ্তী পৰ্যায়ত সন্নিৱিষ্ট কৰা হৈছে মিছো চুপ আৰু আচাৰৰ সৈতে পৰিৱেশিত চেষ্টনাট ৰাইচ। পৰছিমন জেলি আৰু মাটচা চীজ কেকেৰে সামৰণি পৰা এই বিলাসী ভোজনত জাপানী পৰম্পৰাগত সোৱাদৰ সৈতে আধুনিক শৈলীৰ এক সুন্দৰ মেলবন্ধন গঢ়ি তোলা হৈছে।
ইফালে, ৰন্ধনশৈলীৰ এই অতুলনীয় অভিজ্ঞতাৰ সৈতে সংগতি ৰাখি যুগুত কৰা হৈছে জাপানৰ সুৰা আৰু সুবাসেৰে অনুপ্ৰাণিত বিশেষ ককটেইলৰ এক সুকীয়া সম্ভাৰো। য’ত অতিথিসকলৰ বাবে উপলব্ধ কৰা হৈছে ৰকু জিন, ভাৰমাউথ আৰু কমলাৰ বাকলিৰে প্ৰস্তুত কৰা ‘অটাম নেগ্ৰণি’; য়ামাজাকি, প্লাম লিকুৰ আৰু টেঙাজাতীয় উপাদানৰ সংমিশ্ৰণেৰে সজোৱা ‘হুইস্কী প্লাম চাউৰ’ তথা কি নো বি জিন, মাটচা চিৰাপ আৰু চোডাৰে প্ৰস্তুত কৰা ‘মাটচা জিন ফিজ’। এই বিশেষ কাৰ্যসূচী সন্দৰ্ভত ৰেডিচন ব্লু গুৱাহাটীৰ সাধাৰণ প্ৰবন্ধক গুৰমিত ৰান্ধাৱাই কয়, “কেৱল খাদ্য পৰিৱেশনতে সীমাবদ্ধ নাথাকি ৰেডিচন ব্লু গুৱাহাটীয়ে প্ৰতিটো ভোজনক এক সুকীয়া অভিজ্ঞতা হিচাপে গঢ়ি তোলাৰ নিৰন্তৰ প্ৰয়াস কৰি আহিছে। ‘চাকুৰা এণ্ড স্পিৰিটছ-অটাম কাইচেকি নাইটছ’ৰ মূল লক্ষ্যই হ’ল জাপানী ৰন্ধনশৈলীৰ আভিজাত্য আৰু গভীৰ দৰ্শনৰ সৈতে আমাৰ অতিথিসকলক চিনাকি কৰাই দিয়া; য’ত প্ৰতিটো উপাদান, সোৱাদ আৰু ব্যঞ্জনৰ আঁৰত লুকাই আছে এক নিৰ্দিষ্ট সার্থকতা। নেষ্টএছিয়াত এই অনন্য খাদ্যযাত্ৰাৰ সোৱাদ ল’বলৈ সকলো অতিথিকে সাদৰ আদৰণি জনাবলৈ আমি অধীৰ আগ্ৰহেৰে বাট চাইছোঁ।’’
মন কৰিবলগীয়া যে, কেৱল সোৱাদৰ মাজতে সীমাবদ্ধ নাৰাখি, ‘চাকুৰা এণ্ড স্পিৰিটছ’ক ইনষ্টাগ্ৰামৰ বাবে উপযোগী দৃষ্টিনন্দন ৰূপৰ সমান্তৰালভাৱে এক সম্পূৰ্ণ প্ৰামাণিক ডাইনিং অভিজ্ঞতা হিচাপে উপস্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে। হোটেলৰ আৱাসী, মহানগৰীৰ স্থানীয় ভোজনৰসিক, যুগল, খাদ্যপ্ৰেমী, কৰ্প’ৰেট গ্ৰাহক তথা এক প্ৰিমিয়াম নৈশভোজৰ অনন্য অভিজ্ঞতা বিচৰা সকলোৰে বাবে সৃষ্টি কৰা হৈছে এক আভিজাত্যপূৰ্ণ পৰিৱেশ। জাপানী ৰন্ধনশিল্পৰ সৌন্দৰ্যক কাষৰ পৰা তুলি ধৰিছে ৰেডিচন ব্লু গুৱাহাটীৰ ‘নেষ্টএছিয়া’ত আয়োজিত ‘চাকুৰা এণ্ড স্পিৰিটছ-অটাম কাইচেকি নাইটছ’য়ে। শৰতৰ সতেজ উপাদান, দৃষ্টিনন্দন পৰিৱেশন শৈলী আৰু সুচিন্তিতভাৱে যুগুত কৰা পানীয়ৰ এক নান্দনিক সমাহাৰ ঘটিছে এই বিশেষ কাৰ্যসূচীত, যিয়ে খাদ্যৰসিকসকলক উপহাৰ দিছে এক নিবিড় ডাইনিং উদযাপনৰ প্ৰতিশ্ৰুতি।আগতীয়া আসন সংৰক্ষণ আৰু যাৱতীয় সবিশেষ তথ্যৰ বাবে যোগাযোগ কৰক +৯১৮৩০৮৪১৮২৯৯ নম্বৰত।
