কঁহৰা, ৪ অক্টোবৰ, ২০২৬ : দেশ-বিদেশৰ প্ৰকৃতিপ্ৰেমী তথা পৰ্যটকসকলক (Tourists) আদৰণি জনাই শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত ২০২৬-২৭ পৰ্যটন বৰ্ষৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। বন বিভাগৰ বিষয়াসকলৰ সৈতে এই উদ্বোধনী অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে এইবাৰ কাজিৰঙাত পৰ্যটকৰ আগমন পূৰ্বৰ সকলো অভিলেখ অতিক্ৰম কৰিব।
উল্লেখ্য যে, শনিবাৰৰ পৰাই উদ্যানখনত জীপ ছাফাৰী সেৱা আৰম্ভ হৈছে। আনহাতে, যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পিছত অহা ১০-২০ দিনৰ ভিতৰত হাতী ছাফাৰী সেৱাও পুনৰ আৰম্ভ কৰা হ’ব বুলি জানিব পৰা গৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ এই শুভ উদ্বোধন কাৰ্যসূচীত বনমন্ত্ৰীগৰাকীৰ সৈতে কেবিনেট মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাও উপস্থিত থাকে। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, জৈৱ-বৈচিত্ৰ্য আৰু বন্যপ্ৰাণীক ওচৰৰ পৰা উপভোগ কৰিবলৈ উপস্থিত পৰ্যটকসকলক মন্ত্ৰীগৰাকীয়ে উষ্ম সম্ভাষণ জ্ঞাপন কৰে।
কাজিৰঙাত এক পৰ্যটক-অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত সকলো অংশীদাৰৰ সহযোগিতাৰ বাবে ধন্যবাদ জনাই জয়ন্ত মল্লবৰুৱাই কয় যে বৃদ্ধি পোৱা পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগ আৰু পৰ্যটন বিভাগে আন্তঃগাঁথনিৰ উন্নয়ন, বৰ্তমানৰ সুবিধাসমূহৰ আধুনিকীকৰণ আৰু নতুন আকৰ্ষণ সংযোজনৰ দিশত যৌথভাৱে কাম কৰি যাব। মন্ত্ৰীগৰাকীয়ে কয়,
“প্ৰতিবছৰে বৃদ্ধি পোৱা পৰ্যটকৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগ আৰু পৰ্যটন বিভাগে একেলগে কাম কৰি যাব লাগিব যাতে আন্তঃগাঁথনিৰ উন্নয়ন, নতুন বৈশিষ্ট্য সংযোজন আৰু যাৱতীয় উন্নয়নমূলক কাম-কাজসমূহ নিৰন্তৰভাৱে আগবঢ়াই নিব পৰা যায়।”
প্ৰাৰম্ভিক বুকিং আৰু পৰ্যটকৰ সঁহাৰিলৈ চাই এইবাৰ অভিলেখসংখ্যক পৰ্যটকৰ আগমন ঘটিব বুলি তেওঁ দৃঢ়বিশ্বাস প্ৰকাশ কৰে। পৰ্যটনৰ এই বিকাশ যাতে স্থানীয় লোকসকলৰ বাবে অধিক অৰ্থনৈতিক সুযোগলৈ ৰূপান্তৰিত হয়, সেই বিষয়ে গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে অধিকসংখ্যক স্থানীয় লোকে যাতে পৰ্যটন-কেন্দ্ৰিক কাম-কাজত জড়িত হৈ স্বাৱলম্বী হ’ব পাৰে আৰু নিজৰ জীৱনধাৰণৰ মান উন্নত কৰিব পাৰে, তাৰ প্ৰতি চৰকাৰ সচেষ্ট। ইফালে, কাজিৰঙাৰ সমীপৱৰ্তী অন্যান্য আকৰ্ষণীয় স্থানসমূহক সামৰি নতুন পৰ্যটন চাৰ্কিট গঢ়ি তোলাৰ দিশত দুয়োটা বিভাগে কাম কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। যাতে পৰ্যটকসকলে এই অঞ্চলটোত দুদিনৰ পৰা চাৰিদিনলৈ থাকি ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে আৰু ইয়াৰ জৰিয়তে স্থানীয় সম্প্ৰদায়সমূহো অধিক লাভান্বিত হয়।
বন্যপ্ৰাণী সংৰক্ষণেই কাজিৰঙাৰ পৰ্যটনৰ মূল ভিত্তি বুলি উল্লেখ কৰি বনমন্ত্ৰীয়ে কয় যে বিশ্ববিখ্যাত এশিঙীয়া গঁড়েই দেশ-বিদেশৰ পৰ্যটকৰ মূল আকৰ্ষণ। অসম চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ বাবেই গঁড় হত্যাৰ ঘটনা প্ৰায় নোহোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই সংৰক্ষণ প্ৰচেষ্টাই কাজিৰঙাক বিশ্ব পৰ্যটনৰ মানচিত্ৰত এক অনন্য মাত্ৰা প্ৰদান কৰিছে। পৰ্যটনৰ সম্প্ৰসাৰণৰ সমান্তৰালভাৱে উদ্যানখনৰ পাৰিপাৰ্শ্বিক আৰু প্ৰাকৃতিক ভাৰসাম্য অটুট ৰখাৰ গুৰুত্বৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে। তেওঁ কয় যে উদ্যানখনৰ প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰাটো অত্যন্ত জৰুৰী, যাতে পৰ্যটকসকলে বন্যপ্ৰাণী আৰু জৈৱ-বৈচিত্ৰ্যক নিজৰ প্ৰাকৃতিক আৱাসস্থলীতে উপভোগ কৰাৰ সুযোগ লাভ কৰে।
বন বিভাগ, পৰ্যটন বিভাগ, স্থানীয় ৰাইজ আৰু সকলো অংশীদাৰৰ উমৈহতীয়া প্ৰচেষ্টাত এইবাৰৰ পৰ্যটন বৰ্ষটোৱে পূৰ্বৰ সাফল্যকো চেৰ পেলাব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে। শেষত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সকলো পক্ষলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আৰু কাজিৰঙাৰ আতিথ্যপূৰ্ণ পৰিৱেশ অটুট ৰাখিবলৈ, প্ৰাকৃতিক ঐতিহ্য ৰক্ষা কৰিবলৈ তথা পৰ্যটনৰ সুফল যাতে স্থানীয় জনসাধাৰণৰ ওচৰলৈ যায়, সেয়া নিশ্চিত কৰিবলৈ সকলোৰে সক্ৰিয় সহযোগিতা আহ্বান জনায়।
