গুৱাহাটী, ৩০ ছেপ্টেম্বৰঃ শিল্পী নুৰুদ্দিন আহমেদৰ দ্বাৰা নিৰ্মিত বাঁহৰ ১০১ ফুট ওখ মাঁ দূর্গাৰ প্রতিমাৰ পিছত সাজু হৈ উঠিছে শিল্পী ছাফিকুল ইছলামৰ ৭০ ফুট উচ্চতাৰ ৰাৱণ। বিষ্ণুপুৰত শিল্পী নুৰুদ্দিন আহমেদে নিৰ্মান কৰা বাঁহৰ ১০১ ফুট ওখ দেৱী দুৰ্গাৰ প্ৰতিমাই এইবাৰ পূজাত সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ পিছত আন এজন প্ৰতিভাৱান শিল্পী ছাফিকুল ইছলামে তৈয়াৰ কৰি উলিয়াইছে ৭০ ফুট ওখ ৰাৱণ। প্ৰতি বছৰৰ দৰে এইবাৰো গুৱাহাটীত আয়োজন কৰা হৈছে ৰাৱণ দহন উৎসৱ আৰু ৰাৱণ দহন বাবে ছাফিকুলে নিৰ্মান কৰি উলিয়াইছে ৰাৱণৰ পুতলা।
দৰং জিলাৰ খাৰূপেটীয়াৰ ভিতৰুৱা গাঁৱৰ যুৱক ছাফিকুল বিগত দহ বছৰ ধৰি গুৱাহাটীত উদযাপন কৰা ৰাৱণ দহন পৰ্বৰ বাবে ৰাৱণৰ পুতলা নিৰ্মাণ কৰি আহিছে। প্ৰতি বছৰে ছাফিকুলে খাৰূপেটীয়াতে ৰাৱণৰ পুতলা নিৰ্মাণ কৰে যদিও এইবাৰ পুতলা গুৱাহাটীতে নিৰ্মাণ কৰিছে। ছাফিকুল ৰাৱণৰ লগতে মেঘনাথ আৰু কুম্ভকৰ্ণৰ মূৰ্তিও নিৰ্মাণ কৰিছে। ছাফিকুলে পাঁচজন সহযোগীৰ লগত যোৱা দুমাহ ধৰি ৰাৱনৰ পুতলা নিৰ্মাণৰ লগত জড়িত হৈ আছে। শিল্পী ছাফিকুল নিজৰ কাৰ্য্যক লৈ উৎফুল্লিত হৈ আছে আৰু এইবাৰৰ ৰাৱণৰ পুতুলা বিগত বৰ্ষতকৈ আকৰ্ষণীয় হ’ব বুলি শিল্পী গৰাকীয়ে আশা ব্যক্ত কৰে। উল্লেখ্য যে, ছাফিকুল যোৱা দহ বছৰে ৰাৱণৰ পুতুলা নিৰ্মাণ কৰি আহিছে যদিও যোৱা বছৰ এজন মুছলাম সম্প্ৰদায়ৰ যুৱক হৈ ৰাৱণৰ পুতুলা নিৰ্মাণ কৰাৰ বাবে সমালোচনাৰো সম্মুখীন হৈছিল। কিন্তু ছফিকুলে শিল্পীৰ ধৰ্মক অগ্ৰাধিকাৰ দি নিজৰ কৰ্মত মনোনিৱেশ কৰিছে। ছফিকুলৰ মতে দেশ নিৰ্মাণত সকলো ধৰ্মৰ মানুহৰ অৱদান লাগিব আৰু মই এজন শিল্পী হিচাপে যিখিনি পাৰো নিজৰ দেশৰ কাৰণে কৰি যাম। মোক হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ মানুহে সমালোচনা কৰিছিল যদিও সমালোচনা কৰা লোকৰ সংখ্যাতকৈ মোক সহযোগ কৰা লোকৰ সংখ্যা বেছি আছিল। মই হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোকৰ পৰা সাহস আৰু সহযোগিতা পাইছোঁ আৰু মই আগলৈও এই কাম কৰি যাম। অসম বিজয় দশমী মহোৎসৱ সমিতিয়ে আয়োজন কৰা এই ৰাৱণ দহন উৎসৱ এইবাৰ মহানগৰীৰ মাছখোৱাৰ পুৰণি কাৰাগাৰৰ চৌহদত পালন কৰা হ’ব।