খাৰুপেটিয়া, ২১ অক্টোবৰঃ দৰং জিলাৰ খাৰুপেটিয়াৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক হেকমত উল্লাহৰ শুক্ৰবাৰে নিশা ৭ বজাত নিজা বাসগৃহত মৃত্যু হোৱাত সমগ্ৰ খাৰুপেটিয়াত শোকৰ ছাঁ পৰে। বিগত কেইমাহ মান ধৰি বেমাৰত ভূগি থকা হেকমত উল্লাহৰ মৃত্যুত দৰং জিলা মুছলিম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আবুল হাছেমৰ লগতে খাৰুপেটিয়া প্ৰেছ ক্লাব, দলগাওঁ প্ৰেছ ক্লাৱ, মাৰোৱাৰী যুৱ মঞ্চ, আমছু, আছু, সংখ্যালঘু সংগ্ৰাম পৰিষদ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মঙ্গলদৈ প্ৰেছ ক্লাৱ, মঙ্গলদৈ মেডিয়া চেল চাৰ্কোলকে ধৰি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে। আজি দিনৰ ১১ বজাত খাৰুপেটিয়াৰ নিমতলী কৱৰস্থানত অগণন গুণমুগ্ধৰ উপস্থিতিত হেকমত উল্লাহৰ অন্তিম জানাজা সৰ্ম্পূণ কৰা হয়৷ উল্লেখযোগ্য যে, অৱসৰ প্ৰাপ্ত শিক্ষক হেকমত উল্লাহে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত লোকগীত পৰিবেশন কৰি সকলোৰে সমাদৰ বুটলিবলৈ সক্ষম হয়৷ ১৯৯৯ চনত তেওঁ কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনি পুত্ৰ আৰু  দুজনী জীয়ৰী এৰি থৈ যায়৷ হেকমত উল্লাহৰ মৃত্যুত দৰঙৰ প্ৰায় সংখ্যক বিদ্যালয় মহাবিদ্যালয়ত শোক সভা পালন কৰা হয়।