ৰঙিয়া, ২২ অক্টোবৰঃ নলবাৰী সীমান্তত ক্ৰমাগত ভাবে বৃদ্ধি পাব ধৰিছে গৰু চোৰৰ উপদ্ৰৱ। অৱশ্যে গৰু চোৰে এইবাৰ সলনি কৰিছে কৌশল। বাঘৰ ভয় দেখুৱাই চোৰৰ দলে পথাৰৰ পৰা চুৰি কৰে গৰু। গৰু চুৰিৰ ভয়ত গাওঁবাসীয়ে দিনে নিশাই পহৰা দিব লগীয়া হৈছে। প্ৰাপ্ত তথ্য মতে, নলবাৰীত গৰু চোৰে বাঘৰ আতংকৰ উৰাবাতৰি বিয়পাই চৰণীয়া পথাৰৰ পৰা চোৰে গৰু চুৰ কৰে৷ চোৰে দিনৰ ভাগত ঘন হাবিৰ মাজত চুৰি গৰু লুকুৱাই থৈ নিশাৰ আন্ধাৰত ৰাষ্ট্ৰীয় ঘাইপথেৰে অজ্ঞাত স্থানলৈ চুৰি গৰু সৰবৰাহ কৰে৷ চোৰৰ উৎপাতত নিদ্ৰাহৰণ হৈছে বিলপাৰ, নোনাপাৰ, ভাতকুছিকে ধৰি কেইবাখনো গাওঁৰ লোকৰ। যাৰ বাবে দিনে নিশাই পহৰা দিবলগীয়া হৈছে গাওঁবাসীয়ে। গৰু চোৰক আটক কৰাৰ ক্ষেত্ৰত ঘগ্ৰাপাৰ থানাই নিষ্কিয় ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ কৰিছে স্থানীয় লোকে। ৰঙিয়া আৰক্ষীয়ে চাৰি গভাইত গৰু চোৰক আটক কৰিছে যদিও বৰ্তমানেও অঞ্চলটোত বিৰাজ কৰি আছে গৰু চোৰৰ আতংক। এক বিশেষ সূত্ৰে প্ৰকাশ কৰা মতে, এক আন্তঃৰাষ্ট্ৰীয় গৰু চুৰি চক্ৰ জড়িত হৈ আছে এই সমগ্ৰ ঘটনাৰ লগত৷ গৰু চোৰ চক্ৰটোৱে বাংলাদেশলৈ গৰু সৰবৰাহ দিয়াৰ কথা জানিব পৰা গৈছে৷