ধুবুৰী, সংবাদ ৩৬৫, ২৮ এপ্ৰিলঃ ধুবুৰী চহৰৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে শনিবাৰে হাতত বন্দুক তুলি লোৱাৰ হুংকাৰ প্ৰদান কৰে। ধুবুৰী জিলা পৌৰসভাৰ প্ৰবঞ্চনচনাৰ বলি হৈ ক্ষুদ্ৰ ব্যৱসায়ী সকলে এই হুংকাৰ প্ৰদান কৰে। ধুবুৰী চহৰত শনিবাৰে ধুবুৰী জিলা প্ৰশাসনে এক উচ্ছেদ অভিযান চলাই বৌ বজাৰৰ পথৰ প্ৰায় অৰ্ধশতাধিক দোকান উচ্ছেদ কৰে। প্ৰশাসনে এফালৰ পৰা অৰ্ধশতাধিক ক্ষুদ্ৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহক উচ্ছেদ কৰে যদিও ধুবুৰী পৌৰসভাই পদ পথৰ ব্যৱসায়ী সকলক কাৰ পাৰ্কিংৰ ৰচিত প্ৰদান কৰি পদ পথৰ ওপৰত ব্যৱসায়ী কৰাৰ অনুমতি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে। ব্যৱসায়ী সকলে আৰু কয় যে ধুবুৰী পৌৰসভাই তেওঁলোকৰ পৰা পদ পথৰ ওপৰত ব্যৱসায়ী কৰাৰ বাবে কৰ সংগ্ৰহ কৰাৰ পিছতো শনিবাৰে কোনো ধৰণৰ জাননী নিদিয়াকৈ জিলা প্ৰশাসনে তেওঁলোকক উচ্ছেদ কৰে। প্ৰশাসনৰ এই জাননী বিহীন উচ্ছেদ কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ব্যৱসায়ী সকলে। ব্যৱসায়ী সকলে হুংকাৰ প্ৰদান কৰে যে যদি তেওঁলোকৰ উপপাৰ্জনৰ পথ বন্ধ হয় তেন্তে প্ৰয়োজনত তেওঁলোকে হাতত বন্দুক তুলি লব। উল্লেখ্য যে ইয়াৰ পূৰ্বেও প্ৰশাসনে পদ পথত থকা অবৈধ দোকান সমূহ উচ্ছেদ কৰিছিল যদিও ব্যৱসায়ী সকলে পুনৰ পদ পথৰ ওপৰত দোকান বহাই ব্যৱসায় আৰম্ভ কৰাত প্ৰতিদিনেই তীব্ৰ যান জোঁটৰ সৃষ্টি হয়।