বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ২৯ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী লতিবাৰীত দেওবাৰে পুৱা সংঘটিত হোৱা এক অগ্নিকাণ্ডত ৭টাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। প্ৰাপ্ত তথ্য মতে বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত লতিবাৰীত দেওবাৰে পুৱা প্ৰায় ৭ বজাত সংঘটিত হোৱা অগ্নিকাণ্ডত নূৰ মহম্মদ, ছাইফুল ইছলাম, ছাফিকুল ইছলাম, নুৰুল ইছলাম, আইনুল হক, মুক্তাৰ আলি আৰু মফিদুল ইছলাম নামৰ লোক কেইজন বাসগৃহ সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত উক্ত লোক কেইজনৰ বাসগৃহৰ আচবাব পত্ৰকে ধৰি প্ৰায় ৬ লাখ টকাৰ সামগ্ৰী জুইত জাহ যায়। অগ্নিকাণ্ডৰ খবৰ পাই অভয়াপুৰীৰ অগ্নিনিৰ্বাপক বাহিনীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে। ঘটনাস্থলীত সময়মতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ বাবে অঞ্চলটো বৃহৎ ক্ষতিৰ সন্মুখীন হব লগা নহল বুলিও স্থানীয় ৰাইজে জানিবলৈ দিয়ে।