ধুবৰী, সংবাদ ৩৬৫, ২৯ এপ্ৰিলঃ ধুবুৰী জিলাৰ গৌৰীপুৰৰ অন্তৰ্গত আলমগঞ্জত শনিবাৰে নিশা এগৰাকী বাংলাদেশী নাগৰিক আটক কৰা হয়। নিশা গৌৰীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত অষ্টমীৰচৰ ঝৰণাৰপাৰ গাঁও ৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে সহিদুল ইছলাম নামৰ এজন বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, বাংলাদেশৰ কৰিগ্ৰাম জিলাৰ বাসিন্দা সহিদুল ইছলাম নামৰ যুৱক জন প্ৰায় ৬ বছৰ পূৰ্বে পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ দিনহাটা হিমন্তইদি ভাৰতত প্ৰবেশ কৰিছিল। ভাৰতত প্ৰৱেশ কৰাৰ পিছত সহিদুল ইছলামে হাৰিয়ানাৰ এখন ইটা ভাটাত কাম কৰি আছিল। বৰ্তমান বাংলাদেশী নাগৰিক সহিদুল ইছলামক আৰক্ষীয়ে জেৰা কৰি আছে।