ধুবুৰী, সংবাদ ৩৬৫, ২৯ এপ্ৰিলঃ যি সময়ত শিক্ষা আৰু বিজ্ঞানে মানুহক মহাকাশত বসতি কৰিবলৈ অনুপ্ৰেৰণা যোগাই আহিছে তেনে সময়তে পৃথিৱীত এনে বহু ঠাই আছে যত শিক্ষাৰ পোহৰ নপৰাত মানুহ এতিয়াও অন্ধবিশ্বাসৰ কবলৰ পৰা ওলাই আহিবলৈ সক্ষম হোৱা নাই। অন্ধবিশ্বাসৰ গ্ৰাস থাকি মানুহে এনে কিছুমান কাম কৰে যিয়ে সমগ্ৰ মানৱ জাতিক লজ্জিত কৰি তোলে। ডাইনীৰ নামত কিছুমান নিৰ্দোষী মানুহৰ ওপৰত নিৰ্যাতন তথা হত্যা ৰাজ্যখনৰ বাবে নতুন নহয় যদিও এইবাৰ অন্ধবিশ্বাসৰ ফলত সংঘটিত হল এক জঘন্য ঘটনা। এই জঘন্য ঘটনা পোহৰলৈ অহাৰ পিছত ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যপক প্ৰতিক্ৰিয়াৰ। ধুবুৰী জিলাৰ ফকিৰগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত সাতশিয়া গাঁৱত চিকিৎসাৰ নামত এজন ভণ্ড কবিৰাজে মানসিক ৰোগত আক্ৰান্ত এটি শিশুৰ ওপৰত চলালে অমানৱীয় অত্যাচাৰ।ঘটনাৰ বিবৰণী মতে, গাঁৱখনৰ আব্দুল কৰিম শেখৰ ৬ বছৰীয়া পুত্ৰ মহিবুল ইছলাম নামৰ শিশুটি প্ৰায় এবছৰ পূৰ্বে চাইকেল দুৰ্ঘটনাত আঘাত প্ৰাপ্ত হোৱাৰ পিছত মানসিক ভাৰসাম্য হেৰুৱাই অস্বাভাৱিক আচৰণ কৰিবলৈ ধৰে। শিশুটিৰ এই অস্বাভাৱিক আচৰণক দেখি শিশুটিক ওপৰত ভূতে লম্বা বুলি একাংশ লোকে ভাবিবলৈ ধৰে। অঞ্চলটোৰ এচাম নিৰক্ষৰ লোকে শিশুটিৰ পৰিয়ালটোৰ ওপৰত হেঁচা প্ৰয়োগ কৰি শিশুটিৰ ভূত আঁতৰাবলৈ গাঁৱখনেৰ শুকুৰ আলীৰ পুত্ৰ ওৱােহদ আলী নামৰ এজন ভণ্ড কবিৰাজৰ হাতত তুলি দিছিল। এই ভণ্ড কবিৰাজ জনে ভূত আঁতৰোৱাৰ নামত শিশুটিৰ ওপৰত চলোৱা অমানুষিক অত্যাচাৰৰ ফলত শিশুটি গুৰুত্বৰ ভাবে অসুস্থ হৈ পৰিছে। ভণ্ড কবিৰাজ জনে শিশুটিক চিকিৎসা কৰাৰ নামত শিশুটিক প্ৰহাৰ কৰাৰ ভিডিও ভাইৰেল হৈ পৰাত সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ শিশুটিৰ মাতৃয়ে ইতিমধ্যে ফকিৰগঞ্জ থানাত ভণ্ড কবিৰাজ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত দক্ষিণ শালমাৰাৰ চক্ৰ বিষয়া নুৰুদ্দিন আহমেদ, ফকিৰগঞ্জ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া যতীশ গঞাৰী সহ আৰক্ষীৰ দল এটা গাঁৱখনত উপস্থিত হৈ ভণ্ড কবিৰাজ জনক বিচাৰি অভিযান চলাই যদিও কবিৰাজ জন পলায়ন কৰে।