বঙাইগাঁও, সংবাদ ৩৬৫, ৩০ এপ্ৰিলঃ বঙাইগাঁও জিলাত অনুষ্ঠিত হোৱা আছাম প্ৰেছ কৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৰ ৰূপালী জয়ন্তীৰ দ্বিতীয় দিনা বেগম আছমা খাতুনৰ কাব্য সংকলন “পাহাৰ কাটি সূৰ্য বিচৰা হাত দুখন” উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ মুৰব্বী অধ্যাপক ড° দিলীপ বৰা৷ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটীৰ নীপ কুমাৰ বৰুৱা, ৰাজ্যৰ জনসংযোগ সঞ্চালক ৰাজীব প্ৰকাশ বৰুৱা, আপকুৰ উপদেষ্টা শোভিত কুমাৰ চেত্ৰী, আপকুৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়া, সভাপতি দীপাঙ্কৰ নাথ, চৰ চাপৰি সাহিত্য পৰিষদৰ সভাপতি হাফিজ আহমেদ, আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ, আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি। বেগম আছমা খাতুনৰ কাব্য পুথি উন্মোচন অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ ১০ গৰাকী সংবাদিকক বঁটা প্ৰদান কৰা হয়।