বাক্সা, সংবাদ ৩৬৫, ৩০ এপ্ৰিলঃ বাক্সা জিলাত জামুগুৰী যুৱ সমাজৰ সৌজন্যত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰা হ’য়। ৰঙালী বিহু উদযাপনক কৈ সমগ্ৰ জামুগুৰিতে এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। কাৰ্যসূচী মতে ৰবিবাৰে পুৱা ৯ বজাত বিহু উৎযাপন সমিতিৰ সভাপতি পূৰ্ণ ৰাভাই বিহু পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পুৱা ৯.৩০ বজাত স্মৃতি তৰ্পন কৰে ক্ৰমে উৎযাপন সমিতিৰ সাধাৰণ সম্পাদক আৰু যুটীয়া সম্পাদক ক্ৰমে নিৰঞ্জন স্বৰ্গীয়াৰী আৰু বিচিত্ৰ ৰাভাই। ১০ বজাত বৃক্ষৰোপন কৰে ক্ৰমে কান্তেশ্বৰ বৰগয়াৰী, ধনেশ্বৰ ৰাভা, শ্ৰীকান্ত দাস, শ্যাম চৰণ বড়ো, বীৰেন ৰাভা, ৰেবিত নাৰ্জাৰী, ৰাজা নাৰ্জাৰী আৰু হৰকান্ত কলিতাই। ১০.৩০ বজাত ফনিন্দ্ৰ নাৰ্জাৰীৰ দ্বাৰা ৰভা উদ্বোধনৰ পিছতে ১০.৪৫ বজাত মঞ্চ উদ্বোধন কৰে গহীন স্বৰ্গীয়াৰীয়ে। ১১ বজাত বিভিন্ন খেল ধেমালী প্ৰতিযোগিতা উদ্বোধন কৰে ৰত্ন কান্ত ৰাভাই। বিয়লি ৬ বজাত বন্তি প্ৰজ্বলন কৰিব ক্ৰমে তামুলপুৰৰ প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, চবেন নাৰ্জাৰী, গণেশ ৰাভা, বলেন ৰাভা, মাধব কলিতা, গিৰিধৰ কলিতা আৰু যোগেন বড়োই। সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীয়ে। আনহাতে সোমাবাৰে পুৱা ৮ বজাত এক চাফাই অভিযানৰ নেতৃত্ব দিয়ে বিগ্ৰাই বড়ো আৰু গিৰিশ ৰাজবংশীয়ে। ১০ বজাত শিক্ষক  কমল উজিৰে উদ্বোধন কৰে কুইজ আৰু চিত্ৰাঙ্কন প্ৰতিযোগিতাএ। দিনৰ ২ বজাত বাৰেবৰণীয়া সাংস্কৃতিক কৃষ্টিৰ প্ৰদৰ্শনী মুকলি কৰে শিক্ষক যতীন ৰাভাই।