তিনিচুকীয়া, সংবাদ ৩৬৫, ৩০ এপ্ৰিলঃ ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ উন্নয়ন আৰু বিকাশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে শেষতীয়াকৈ প্ৰনয়ন কৰা ‘চাহ জনজাতি কৰ্মীৰ আবাস বৈদ্যুতিকৰণ আচনি’ৰ সোমাবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যৰ চাহ জনজাতি কল্যাণ আৰু শ্ৰমিক উন্নয়ন মন্ত্ৰী পল্লৱ লোচন দাসে৷ তিনিচুকীয়া জিলাৰ শুকান পুখুৰী চাহ বাগিচাত আয়োজিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে কয় যে, অসমৰ অৰ্থনৈতিক উৎকৰ্ষ সাধনত চাহ জনগোষ্ঠীৰ গুৰুত্বপূৰ্ণ অবদান আছে৷ স্বাধীনতাৰ সময়ৰে পৰা শোষিত আৰু বঞ্চিত চাহ গোষ্ঠীটোৰ উৎকৰ্ষ সাধনৰ বাবে শেষতীয়াকৈ ৰাজ্য চৰকাৰে কেইবাখনো অভিলাষী আচনি গ্ৰহন কৰিছে৷ বৈদ্যুতিকৰণ আচনিৰ জড়িয়তে উজলি উঠিব চাহ বাগিচাৰ প্ৰতিটো ঘৰ৷ উজ্বলতাৰে আলোকিত হব ৰাজ্যৰ ৯৫ হেজাৰ ২ শ ৩৮ টা চাহ জনজাতি পৰিয়াল৷ শুকানপুখুৰী চাহ বাগিচাত সোমবাৰে বিয়লি ২ বজাত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত বাগিছাখনৰ ৫ শ টি পৰিয়ালক এই আচনিৰ অংশস্বৰূপে ৯ ৱাটৰ ৩ টাকৈ এলইডি বাল্ব বিতৰন কৰা হয়৷ উল্লেখ্য যে, এই আচনিখনৰ জৰিয়তে ৰাজ্যৰ সকলো চাহ জনজাতি পৰিয়ালে তিনিটাকৈ ৯ ৱাটৰ এলইডি বাল্ব বিনামূলীয়াকৈ লাভ কৰিব৷ ৰাজ্যৰ ৯৫ লাখ, ২ শ ৩৮ টা চাহ জনজাতি পৰিয়ালক এই আচনিখনত সামৰি লোৱা হৈছে৷ আনহাতে আচনি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিশানে উক্ত আচনিখনে চাহ জনজাতি লোকসকলক উপকাৰ সাধন কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে বিদ্যুত ৰাহি কৰা এলইডি বাল্ব বিতৰণৰ এই প্ৰচেষ্ঠাই প্ৰতিটো পুৱা সজীৱ কৰি তোলা চাহ শিল্পৰ সতে জড়িত এই চাহ জনজাতি লোকসকলৰ জীৱন আলোকিত কৰিব বুলি মন্তব্য কৰে৷ চাহ জনজাতি কৰ্মীৰ আবাস বৈদ্যুতিকৰণ আচনি উদ্বোধনী অনুষ্ঠানত অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ তিনিচুকীয়া সদৰ সংমণ্ডৰ কেইবা গৰাকীও বিষয়া অভিযন্তা উপস্থিত থাকে৷