নগাঁও, সংবাদ ৩৬৫, ৩০ এপ্ৰিলঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি অবৈধভাৱে নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ লগত জড়িত এটা দুধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী সোমবাৰে আটক কৰিবলৈ সক্ষম হয় বটদ্ৰৱা আৰক্ষী। আৰক্ষীয়ে আটক কৰা দুধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰীজন বটদ্ৰৱাৰ ধূপগুৰিৰ আছিকুল ইছলাম বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনৰ কবলৰ পৰা ২৫১ বটল কফচিৰাপ, ৪৫ হাজাৰ টকাৰ চেকৰ লগতে বাইক জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে ড্ৰাগছ সৰবৰাহকাৰী আছিকুলে বটদ্ৰৱাৰ ৰামপুৰ সত্ৰৰ জামালুদ্দিনৰ ঘৰত অবৈধ ভাৱে নিচাজাতীয় সামগ্ৰী মজুত ৰাখি বটদ্ৰৱাৰ বিভিন্ন ঠাইলৈ সৰবৰাহ কৰি আহিছিল। সোমবাৰে বিয়লি পূৰ্বৰ দৰে নিচাজাতীয় দ্ৰব্যসমূহ নিবলৈ আহোতেই স্থানীয় কিছু লোকে আৰক্ষীক খবৰ দিয়াত বটদ্ৰৱা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আছিকুলক হাতে লোটে ধৰাৰ লগতে বৃহৎ পৰিমাণৰ নিশচাজাতীয় দ্ৰব্যসমূহ উদ্ধাৰ কৰিনলৈ সক্ষম হয়। নিচা জাতীয় দ্ৰব্যবোৰ মজুত কৰি ৰখা জামালুদ্দিন বৰ্তমানে পলাতক অৱস্থাত আছে যদিও আৰক্ষীয়ে আছিকুলক বটদ্ৰৱা আৰক্ষী চকীত জেৰা চলাই আছে।