ক্ষেত্ৰী, সংবাদ ৩৬৫, ৩০ এপ্ৰিলঃ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ সহযোগত সোমবাৰে ক্ষেত্ৰীৰ মালয়বাৰীত আয়ুষ্মান ভাৰত দিৱস কেন্দ্ৰীয় ভাৱে শুভাৰম্ভ কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যান ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই। উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ প্ৰতিজন সদস্যই যিকোনো ৰোগৰ চিকিৎসাৰ বাবে বছৰি পাঁচ লাখ টকাৰ অনুদান লাভ কৰিব। অটল অমৃত যোজনাৰ অধীনত পাঁচটা ৰোগৰ চিকিৎসাৰ বাবে দুই লাখ টকা লাভ কৰাৰ লগতে এতিয়াৰ পৰা পৰিয়ালৰ প্ৰতিজন সদস্যই সৰ্বমুঠ সাত লাখ টকাৰ আৰ্থিক সুবিধা লাভ কৰিবলৈ সক্ষম হব। আচঁনিখন কেন্দ্ৰীয় ভাবে মুকলি কৰাৰ উপলক্ষে মালয়বাৰীৰ অষ্টলক্ষী মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা। ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ কাৰ্যবাহী সঞ্চালক ডা০ অচ্যুত কুমাৰ বৈশ্য, কামৰূপ মহানগৰ জিলাৰ যুটীয়া সঞ্চালক ডা° গনেশ শইকীয়াৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে আয়ুষ্মান ভাৰত দিৱসৰ শুভাৰম্ভণী সভাত অংশ গ্ৰহণ কৰে।