সোনাই, সংবাদ ৩৬৫, ৩০ এপ্ৰিলঃ সোনাইৰ বিধায়ক আমিনুল হক লস্কৰক মন্ত্ৰীসভাত স্থান নিদিয়াত কাছাৰৰ সোনাইত আমিনুল হক লস্কৰৰ সমৰ্থক সকলে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷ আমিনুল হক লস্কৰৰ সমৰ্থক সকলেৰ লগতে শতাধিক ৰাইজে বিধায়ক গৰাকীক মন্ত্ৰীসভাত স্থান নিদিয়াৰ প্ৰতিবাদত মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ নাগৰিক মঞ্চৰ আহ্বানত সোমবাৰে মৌন প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি শতাধিক ৰাইজে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চক্ৰান্ত কৰি বিধায়ক আমিনুল হক লস্কৰক মন্ত্ৰীসভাত স্থান নিদিয়াৰ অভিযোগ উত্থাপন কৰে সোনাইবাসী ৰাইজে৷ সোনাই বজাৰত নাগৰিক মঞ্চৰ আহ্বানত অনুষ্ঠিত মৌন প্ৰতিবাদী সভাত কেইবাশ ৰাইজ উপস্থিত হৈ বিজেপি’ৰ একমাত্ৰ সংখ্যালঘু বিধায়াক আমিনুল হক লস্কৰক সৰ্বানন্দ সোনোৱালৰ মন্ত্ৰীসভাত স্থান নিদিয়াত ক্ষোভিত হৈ মুণ্ডণ কৰি প্ৰতিবাদ জনোৱাৰ লগতে অতি শীঘ্ৰে আমিনুলক মন্ত্ৰীসভাত স্থান দিয়াৰ দাবী জনায়। প্ৰতিবাদকাৰী সকলে হুংকাৰ প্ৰদান কৰে যে যদি আমিনুল হক লস্কৰক অতি শীঘ্ৰে মন্ত্ৰীসভাত স্থান দিয়া নহয় তেন্তে প্ৰতিবাদকাৰী সকলে দিশপুৰত আমৰণ অনশনত বহিব।