নলবাৰীৰ পৰা কৈলাশ দাস, সংবাদ ৩৬৫, ৩০ এপ্ৰিলঃ নলবাৰী জিলাৰ বিভিন্ন অঞ্চলত বৃদ্ধি পাবলৈ ধৰা মদ, ভাং আৰু ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ৰ ফলত জিলাখনৰ যুৱ প্ৰজন্ম ধ্বংসৰ দিশে গতি কৰিছে। যুৱ প্ৰজন্মক নিচাৰ গ্ৰাসৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে সোমবাৰে সন্ধিয়া নলবাৰী জিলাৰ সোণপুৰত মদ, ভাং আৰু ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে সোনপুৰৰ মহিলা সমাজে প্ৰতিবাদ সাব্যস্ত কৰে। নিচা জাতীয় দ্ৰব্যৰ অবৈধ ব্যৱসায় বন্ধ কৰাৰ দাবীত মহিলা সকল নলবাৰী সদৰ আৰক্ষী চকীত উপস্থিত হৈ সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনায়। নলবাৰী সদৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক সাক্ষাৎকাৰ ধৰি মহিলা সকলে জিলাখনৰ যুৱ প্ৰজন্ম সম্প্ৰতি মদ, ভাং আৰু ড্ৰাগছৰ কবলত পৰি কেনেদৰে ধ্বংসৰ দিশে গতি কৰিছে তাৰ বিৱৰণ বিশদ ভাৱে বৰ্ণনা কৰে৷ জিলাখনৰ পৰা মদ, ভাং আৰু ড্ৰাগছৰ অবৈধ ব্যৱসায়ী উৎসৱত কৰাৰ উদ্দেশ্যে মঙলবাৰে বিয়লি সোনপুৰৰ মা মনসা মন্দিৰ প্ৰাংগণত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হব বুলি পৌৰসভাৰ সভানেত্ৰী বিপাশা দাসে জানিবলৈ দিয়ে।