মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ১ মেঃ দক্ষিণ কামৰূপৰ মিৰ্জাত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ১ কৌটি টকা মূল্যৰ ৮৯ টা চিগাৰেটৰ কাৰ্টুন জব্দ কৰিবলৈ সক্ষম হয়। মিৰ্জাৰ মিলনপুৰত মণি পান দোকানীৰ গুদামত আৰক্ষীয়ে চিগাৰেটৰ কাৰ্টুন কেইটা জব্দ কৰে। উল্লেখ্য যে, তিনিদিনপূৰ্বে মণি পান দোকানী কোটিপতি হোৱাৰ ৰহস্য ফাদিল হোৱাৰ পিছত বৰ্তমান ৰঙাঘৰৰ আলহী মণিৰ এটাৰ পিছত আনটো কু কৃৰ্তীৰ কাহিনী পোহৰলৈ আহিছে। সোমবাৰে নিশা পলাশবাৰী আৰু চাংচাৰী আৰক্ষীয়ে এক যৌথ অভিযান চলাই মণিৰ বাসগৃহৰ ওচৰতে থকা ৰামেশ্বৰ দাস নামৰ এজন ব্যক্তিৰ ঘৰত ভাড়াত লোৱা এটি গুদামত চিগাৰেটৰ কাৰ্টুনখিনি আৰক্ষীয়ে জব্দ কৰে। পূৰ্বেও ধৃত মণিৰ পৰা আৰক্ষীয়ে নগদ ২০ লাখ টকা আৰু আইটিচি কোম্পানীৰ হাইজেক হোৱা এখন ট্ৰাক আৰু ডেৰ কোটি টকাৰ মূল্যৰ চিগাৰেট জব্দ কৰিছিল। আইটিচি কোম্পানীৰ ট্ৰাক হাইজেক হোৱাৰ ঘটনাৰ তদন্ত বৰ্তমানেও অব্যাহত ৰাখিছে পলাশবাৰী আৰু চাংচাৰী আৰক্ষীয়ে। এই ঘটনাৰ মূল অভিযুক্ত মুণিৰ পুত্ৰ টিংকু তালুকদাৰ বৰ্তমানও পলাতক অৱস্থাত আছে যদিও আৰক্ষীয়ে টিংকুৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।