গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২ মেঃ গোৱালপাৰা জিলাৰ কাছাৰী ঘাটত বুধবাৰে পুৱা ভাগত আৰৱী ভাষাত আইএছ লিখা ক’লা পতাকাকলৈ চাঞ্চল্য সৃষ্টি হয়। গোৱালপাৰা চহৰৰ কাছাৰী ঘাটত থকা গোৱালপাৰা নগৰ আৰক্ষী চকীৰ পিছফালে নদীৰ পাৰত এখন গছত আৰৱী ভাষাত আইএছ লিখা ৬ খনকৈ ক’লা পতকা উৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় কিছুমন লোকে। পুৱা প্ৰাতঃ ভ্ৰমণলৈ যোৱা স্থানীয় কিছুমান লোকে গছৰ ওপৰত ক’লা পতাকা উৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ক’লা পতাকা কেইটা জব্দ কৰি তদন্ত আৰম্ভ কৰিছে। গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ঘটনাৰ সংক্ৰান্তত জানিবলৈ দিয়ে যে কোনো দুষ্ট প্ৰকৃতিৰ লোক ইয়াৰ লগত জড়িত থাকিব পাৰে। গোৱালপাৰা চহৰৰ মাজমজিয়াত সংঘটিত হোৱা এই ঘটনাকলৈ বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।