বাক্সা, সংবাদ ৩৬৫, ২ মেঃ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাৰকুছিত এবিএমছু, আক্রছু আৰু কলিতা জনগোষ্ঠীৰ পথ অৱৰোধ  তমিজ আলীৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। যোৱা ৭ এপ্ৰিলত বাক্সাৰ দ্বাৰকুছিত পথৰ দাঁতিত কোনো দুৰ্বৃত্তই তমিজ আলী নামৰ এজন লোকক নৃশংসভাৱে হত্যা কৰি পেলাই থৈ যোৱাৰ ২৫ দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে হত্যাকাৰীক আটক কৰিব নোৱাৰাত ৰাইজ ক্ষোভিত হৈ ৰাজপথলৈ ওলাই আহে। টেম্পো চালক তমিজ আলীৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত বুধবাৰে ৰঙিয়াৰ সমীপৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাৰকুছিত পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কেইবাটাও দল সংগঠনে। উল্লেখ্য যে, যোৱা ৭ এপ্ৰিল ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাৰকুছিত দুৰ্বৃত্তই ইটা মাৰি আৰু দেগাৰেৰে ঘপিয়াই নৃশংস ভাৱে হত্যা কৰিছিল তুলসীবাৰীৰ তমিজ আলী নামৰ এজন টেম্পো চালক। তমিজ আলীৰ নৃশংস  হত্যাকাণ্ডই সমগ্ৰ বাক্সা জোকাৰি গৈছিল যদিও হত্যাকাণ্ড সংঘটিত হোৱাৰ ২৫ দিন পিছতো বাক্সা আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধান উলিয়াবলৈ সক্ষম নোহোৱাত বুধবাৰে ৰাইজৰ সহযোগত কেইবাটাও দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰি বাক্সা আৰক্ষী মুৰ্দাবাদ, আমাক ন্যায় লাগে, হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে অহা ৭২ ঘন্টাৰ ভিতৰত যদি তমিজ আলীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে গণতান্ত্ৰিকভাৱে ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।