দৰংৰ পৰা দেৱব্ৰত গোস্বামী, সংবাদ ৩৬৫, ৩ মেঃ  দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত এখন অতি পিছপৰা অঞ্চল লোজোৰা গাঁৱৰ যুবক ৰাতুল বৰুৱাই কোনো ধৰনৰ চৰকাৰী সাহাৰ্য্য অবিহনে ঘৰতে কাপোৰ ধোৱা চাবোনৰ উদ্যোগ স্থাপন কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে। ৰাতুল বৰুৱাই ২০১৪ চনত বাণিজ্য শাখাত স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চৰকাৰী চাকৰিকৰ আশা নকৰি ঘৰতে কাপোৰ ধোৱা চাবোনৰ উদ্যোগ স্থাপন কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন কেইবাজনো যুৱকক কৰ্মসংস্থাপন প্ৰদান কৰি আহিছে। উচ্চ শিক্ষিত যুবক ৰাতুল বৰুৱাক সততে সহায় আগবঢ়াই আহিছে অপুৰ্ব বৰুৱা, দ্বীপজ্যোতি বৰুৱা, জুমন বৰুৱা, সাৰংগ বৰুৱা, দিব্যজ্যোতি বৰুৱাৰ লগতে অঞ্চলটোৰ কেইবাজনো যুৱকে। পহিলা বহাগৰ দিনা বজাৰত সুলভ মূল্যত মুকলি কৰি দিয়া জিকমিক চাবোন নামেৰে নামাকৰণ কৰা চাবোন বৰ্তমান দৰং জিলাৰ বিভিন্ন প্ৰান্তত উপলব্ধ হৈ আছে। পৰবৰ্তী পৰ্যায়ত অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰত এই চাবোন মুকলি কৰি দিয়াৰ পৰিকল্পনা হাতত লৈছে বুলি জানিবলৈ দিয়ে ৰাতুল বৰুৱাই। ৰাতুল বৰুৱাই আৰু প্ৰকাশ কৰে যে চৰকাৰী চাকৰি এটাই অকল তেওঁকে স্বাৱলম্বী কৰিলে হয় কিন্তু তেওঁৰ আশা আছিল যে তেওঁ নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে আন কেইবাজনো যুৱকক কৰ্মসংস্থাপন প্ৰদান কৰা। নিবনুৱা যুৱকক কৰ্মসংস্থাপন প্ৰদান কৰাৰ উদ্দেশ্যে ৰাতুল বৰুৱাই চৰকাৰী চাকৰিৰ পৰিবৰ্তে নিজৰ ঘৰতে চাবোন বনোৱাৰ উদ্যোগ স্থাপন কৰে।