সৰভোগ, সংবাদ ৩৬৫, ৩ মেঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সকলো গাঁৱত বিদ্যুৎ সংযোগ হোৱা বুলি ঘোষণা কৰিছে যদিও অসম ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসৰ সমষ্টিৰ এখন গাঁৱত বিদ্যুৎ সংযোগ নোহোৱাৰ তথ্য পোহৰলৈ আহিছে। বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমামুৰীয়া পেৰাগাঁৱৰ ১৪ টা পৰিয়ালে আজিলৈ দেখা নাই বিদ্যুৎৰ পোহৰ। বিজেপিৰ বিধায়ক ৰঞ্জিত দাসে ২০১২ চনত এই গাওঁ খনত বিভাগীয় কৰ্তৃপক্ষই বিদ্যুৎ সংযোগ নকৰিলে নিজৰ পকেটৰ ধনেৰে বিদ্যুৎ সংযোগ কৰা হব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও বিধায়ক ৰঞ্জিত দাসৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী নোহোৱাত গাঁও খনৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষক হাৰেন্দ্ৰ চন্দ্ৰ দাসে চ’ছিয়েল মিডিয়াত এই বিষয়ে প্ৰচাৰ কৰা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে। বিজেপিৰ ৰাজ্যিক সভাপতি তথা বিধায়ক ৰঞ্জিত দাসক আৰু বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰি পেৰাগাঁৱত বিদ্যুৎ সংযোগ কৰাৰ দাবী জনাইছে ৰাইজে।