নলবাৰীৰ পৰা কৈলাশ দাস, সংবাদ ৩৬৫, ৪ মেঃ যোৱা ২ মে’ত গোৱালপাৰা চহৰৰ মাজ মজিয়াত এখন গছত ৰাইজে উগ্ৰপন্থী সংগঠন আইএছআইএছ’ৰ ৬ খনকৈ ক’লা পতাকা উৰি থকা প্ৰত্যক্ষ কৰাৰ পিছত এইবাৰ নলবাৰী জিলাৰ ধৰ্মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কৈহাটীত দেখা গল সংগঠনটোৰ ক’লা পতাকা। নলবাৰী জিলাৰ কৈহাটীৰ এক অঞ্চলত বৃহস্পতিবাৰে গছত আৰি থোৱা অৱস্থাত আইএছআইএছ’ৰ ক’লা পতাকা ৰাইজে প্ৰত্যক্ষ কৰে৷ ৰাইজে সংগঠনটোৰ পতাকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ক’লা পতাকা জব্দ কৰে। গছত আৰি থোৱা পতাকাত ইংৰাজী ভাষাত আইএছআইএছ’ত যোগদান কৰা বুলি লিখা থকাৰ লগতে আৰৱী ভাষাও লিখা আছিল। নলবাৰী আৰক্ষীয়ে আইএছআইএছ’ৰ ক’লা পতাকাখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে যোৱা ২ মে’ত গোৱালপাৰা চহৰৰ কছাৰী ঘাটত থকা গোৱালপাৰা নগৰ আৰক্ষী চকীৰ পিছফালে নদীৰ পাৰত এখন গছত ৰাইজে ৬ খনকৈ আইএছআইএছ’ৰ পতাকা উৰি থকা প্ৰত্যক্ষ কৰিছিল। গোৱালপাৰা আৰক্ষীয়ে আইএছআইএছ’ৰ পতাকা কেইখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছিল যদিও জিলাখনৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই এই ঘটনাৰ লগত কোনো দুষ্ট প্ৰকৃতিৰ লোক জড়িত থাকিব পাৰে বুলি মন্তব্য প্ৰকাশ কৰিছিল। ২৪ ঘণ্টাৰ ভিতৰত গোৱালপাৰাৰ পিছত নলবাৰী জিলাত এই দৰে দুৰ্ধৰ্ষ উগ্ৰপন্থী সংগঠন আইএছআইএছ’ৰ পতাকা আৰি থোৱা বিষয়টো অসম আৰক্ষীৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে।