বাক্সা, সংবাদ ৩৬৫, ৪ মেঃ পৃথক বড়োলেণ্ডৰ দাবীত বাক্সা জিলাৰ বৰমাত শুক্ৰবাৰে সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰাত ঘাইপথৰ ওপৰত কেইবাশ বাহন আৱদ্ধ হৈ পৰে। পৃথক বড়োলেণ্ডৰ দাবীত বিগত দুদিন ধৰি কোকৰাঝাৰ আৰু চিৰাং জিলাত হোৱা প্ৰতিবাদৰ পিছত শুক্ৰবাৰে পুনৰ উত্তাল হৈ পৰে বিটিএডিৰ বাক্সাৰ বৰমাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ। এবছুৰ উদ্যোগত এনডিএফবি (পি)ৰ প্ৰায় দহ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি অসম চৰকাৰ হায় হায়, ভাৰত চৰকাৰ হায় হায়, ৰাজনাথ সিং হুচিয়াৰ, নৰেন্দ্ৰ মোদী হুচিয়াৰ, সৰ্বানন্দ হুচিয়াৰ শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তুলি। শুক্ৰবাৰে পুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা এবছুৰ ১২ ঘন্টীয়া পথ অৱৰোধৰ ফলত ৰাজপথত কেইবাশ যান বাহন আবদ্ধ হোৱাৰ লগতে নামনি অসমৰ জনজীৱন স্তব্ধ হৈ পৰে।