দক্ষিণ শালমাৰা : ১১ দিনে সন্ধানহীন দক্ষিণ শালমাৰা এগৰাকী দুই সন্তানৰ মাতৃ। সন্ধানহীন বিধৱা মহিলা গৰাকীক উদ্ধাৰৰ ক্ষেত্ৰত ফকিৰগঞ্জ আৰক্ষীয়ে গুৰুত্ব প্ৰদনা নকৰাৰ অভিযোগ। অৱশেষত মহিলা গৰাকীৰ পিতৃ কাষ চাপিল জিলা আৰক্ষী অধীক্ষকৰ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত আইৰকাটা মিৰপাৰা গাঁৱৰ এগৰাকী দুই সন্তানৰ মাতৃ বিগত ১১ দিন ধৰি সন্ধানহীন হৈ আছে। সন্ধানহীন বিধৱা মহিলা গৰাকীক ফকিৰগঞ্জ আৰক্ষীয়ে উদ্ধাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীৰ পৰিয়ালৰ লোকে।

ফকিৰগঞ্জ আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপাই অৱশেষত সন্ধানহীন হৈ থকা মহিলা গৰাকীৰ পিতৃয়ে জিলা আৰক্ষী অধীক্ষকৰ কাষ চাপে মহিলা গৰাকীৰ উদ্ধাৰ বাবে যোৱা ৯ ফেব্ৰুৱাৰী তাৰিখে সন্ধিয়া প্ৰায় ৭ বজাত ফকিৰগঞ্জৰ মিৰপাৰা গাঁৱৰ মিৰ জামিৰ আলীৰ ৩৭ বছৰীয়া কন্যা নুৰ জাহান খাতুন হঠাৎ সন্ধান হীন হৈ পৰে।

নুৰ জাহান এগৰাকী বিধৱা মহিলা হোৱাৰ লগতে দুই সন্তানৰ মাতৃ। স্বামীৰ মৃত্যুৰ পিছৰে পৰা মহিলা গৰাকী পিতৃ গৃহত আশ্ৰয় লৈ আছে। কিন্তু হঠাৎ ১১ দিন ধৰি বিধৱা মহিলা গৰাকী সন্ধানহীন হৈ থকাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে। ইতিমধ্যে পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰত সন্ধান চলাইছে যদিও মহিলা গৰাকীৰ কোনো ধৰণৰ খবৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

ঘটনাক লৈ পৰিয়ালৰ লোকে ১০ ফেব্ৰুৱাৰী তাৰিখে ফকিৰগঞ্জ আৰক্ষীৰ কাষ চাপিছিল যদিও ফকিৰগঞ্জ আৰক্ষীয়ে মহিলা গৰাকীৰ সন্ধান উলিওৱাত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। ফলত ভুক্তভোগী পৰিয়ালটোৱে হাটশিঙিমাৰী জিলা আৰক্ষী অধীক্ষকৰ কাষ চাপিছে। কোনো দুষ্ট চক্ৰই মহিলা গৰাকীক প্ৰলোভন দি বিক্ৰী কৰিব পাৰে বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে।