গুৱাহাটী, ২ ডিচেম্বৰ, ২০২৪ : অসমত ফ’ৰলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ আৰু সম্প্ৰসাৰণৰ নামত বিভাগীয় সংস্থাই সংঘটিত কৰি অহা চূড়ান্ত বিসংগতিয়ে চকু কপালত তুলিছে সচেতন মহলৰ। যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ ১২৭ কিলোমিটাৰ পথৰ নিৰ্মাণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানৰ হেমাহি তথা দায়িত্বজ্ঞানহীনতাৰ অভিযোগ উত্থাপন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টীৰ (Aam Admi Party) ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে।
“নিৰ্মাণ সংস্থাৰ চৰম গাফিলতিৰ বাবেই বিগত প্ৰায় ১০ বছৰে সম্পূৰ্ণ হৈ উঠা নাই ফ’ৰলেন হাইৱে। অসম্পূৰ্ণ পথছোৱাত সংঘটিত যান-বাহন দুৰ্ঘটনাত অৰ্ধ-শতাধিক লোকে প্ৰাণ হেৰুৱাইছে। এটা কথাত ক’বলৈ কেন্দ্ৰীয় চৰকাৰ সংশ্লিষ্ট দপ্তৰ আৰু নিৰ্মাণ সংস্থাৰ হেমাহিৰ বাবেই মৃত্যু উপত্যকাত পৰিণত হৈছে যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ ১২৭ কিলোমিটাৰ পথ।” আপৰ ৰাজ্যিক সভাপতি ধানোৱাৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমৰ ৱেবছাইটত ফ’ৰলেন ঘাইপথ নিৰ্মাণৰ মিছা তথ্য সন্নিৱিষ্ট কৰাৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
আপৰ নেতাগৰাকীয়ে কয়, “কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানটোৱে নিজৰ ৱেবছাইটত ৮১৪ কোটি টকা ব্যয় সাপেক্ষ যোৰহাটৰ পৰা নুমলীগড়লৈ ৩৯ কিলোমিটাৰ পথৰ নিৰ্মাণৰ কাম ২০২৪ চনৰ ১৫ মাৰ্চতে সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰিছে। কিন্তু বাস্তৱিকতে এই পথছোৱাৰ নিৰ্মাণ এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। নিৰ্মাণকাৰী সংস্থাই ফ’ৰলেনৰ দুকাষে ছাৰ্ভিচ ৰ’ড নিৰ্মাণৰ কাম নকৰাকৈয়ে আশ্চৰ্যজনকভাৱে ফ’ৰলেনৰ কাম সম্পূৰ্ণ হোৱা বুলি কৈছে। বছৰৰ পিছত বছৰ ধৰি কাম আধৰুৱা হৈ থকাৰ বাবে এই পথছোৱাত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰে বিষয়টোত মুঠেও গুৰুত্ব প্ৰদান কৰা নাই। এই বিসংগতিৰ তদন্ত হোৱা উচিত। এই সমগ্ৰ কাণ্ডটোত আৰ্থিক কেলেংকাৰি সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। আমি আম আদমী পাৰ্টিয়ে এই সমগ্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত সংঘটিত অনিয়মৰ তদন্ত দাবী কৰিছোঁ।”