গুৱাহাটী, ৩ জুন, ২০২৪ : ঠিকাদাৰ সুনীল গগৈৰ হত্যাৰ ন্যায়িক তদন্ত দাবী আপৰ।হত্যা-হিংসাই উদঙাইছে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিৰ চৰম অৱনতি। ঢকুৱাখনাৰ জলজীৱনৰ ঠিকাদাৰ সুনীল গগৈৰ (Contractor Sunil Gogoi) নৃশংস হত্যাকাণ্ডই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিয়ন্ত্ৰণত থকা গৃহ দপ্তৰৰ চৰম ব্যৰ্থতা উদঙাই দিছে বুলি অভিযোগ আপৰ।

ঢকুৱাখনা মহকুমাৰ নাহৰণি পথাৰত ঘিলামৰা জলজীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈয়ে কিছুদিনৰ পূৰ্বে এগৰাকী দুৰ্নীতিগ্ৰস্ত অভিযন্তাক দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰাই দিছিল। সেইবাবেই ঠিকাদাৰ সুনীল গগৈ এনে জঘন্য হত্যাকাণ্ডৰ বলি হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে ঢকুৱাখনাৰ এই জঘন্য হত্যাকাণ্ডৰ তদন্তৰ দাবী জনায় আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে।

প্ৰেছ বিজ্ঞপ্তিত আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয়,” বৰ্তমান বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনত ৰাজ্যখনৰ সাধাৰণ নাগৰিকৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নিজেই গৃহ দপ্তৰৰ দায়িত্বত আছে। মুখ্যমন্ত্ৰী আৰু তেওঁৰ গৃহ দপ্তৰে সাধাৰণ নাগৰিকৰ জীৱন জীৱিকাৰ নিৰাপত্তা প্ৰদানত চৰকাৰৰ ব্যৰ্থতাৰ উপৰি ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতিৰ ক্ষেত্ৰত নৈতিক দায়িত্ব অস্বীকাৰ কৰিব নোৱাৰে।”

আম আদমি পাৰ্টীৰ অসম ৰাজ্যিক সমিতিয়ে জলজীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈৰ হত্যাৰ ন্যায়িক তদন্তৰ দাবী জনায়। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰি অপৰাধীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আপৰ ৰাজ্যিক সভাপতি গৰাকীয়ে চৰকাৰক দাবী জনায়। নিহত ঠিকাদাৰ সুনীল গগৈৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ লগতে পৰিয়ালৰ লোকৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈও আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে দাবী জনায়।