গুৱাহাটী, ১৯ ডিচেম্বৰ, ২০২৪ : প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে আপৰ (Aap) বিক্ষোভ কাৰ্যসূচী। বিৰোধীক দমনৰ নামত সংবাদ মাধ্যমৰ ওপৰত আৰক্ষীৰ আক্ৰমণৰ অভিযোগ আপ অসমৰ নেত্ৰী অনুৰূপা ডেকাৰজাৰ। বুধবাৰে কংগ্ৰেছৰ দলৰ ৰাজভৱন ঘেৰাও প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰি প্ৰতিবাদ দমন কৰাৰ সময়ত এগৰাকী অধিবক্তাৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল কেইবাগৰাকী সাংবাদিক।

চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলনৰ পথ গ্ৰহণ কৰা বিৰোধী ৰাজনৈতিক দল আৰু বাতৰি পৰিবেশন কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰত আৰক্ষীয়ে চলোৱা আতিশয্যৰ প্ৰতিবাদত বৃহস্পতিবাৰে বিক্ষোভ প্ৰদৰ্শন কৰে আম আদমি পাৰ্টীয়ে। মহানগৰীৰ গণেশগুৰিস্থিত আপৰ কাৰ্যালয়ৰ সন্মুখত দলৰ মহিলা শক্তি আৰু যুৱ শক্তিৰ কৰ্মকৰ্তা সকলে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰশাসনৰ বাধা নেওচি আপৰ কৰ্মী সকলে ৰাজপথলৈ ওলাই আহি ৰাজপথ উত্তাল কৰি তোলে।

বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচীত আৰক্ষীয়ে চলোৱা বৰ্বৰতাৰ বিৰুদ্ধে সৰৱ হয় আপৰ ৰাজ্যিক উপ-সভাপতি অনুৰূপা ডেকাৰজা। চৰকাৰ তথা আৰক্ষীৰ ভূমিকাৰ সমালোচনা কৰি আপৰ নেতাগৰাকীয়ে কয়, “মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধীনস্থ অসম আৰক্ষীয়ে প্ৰতিবাদকাৰীক দমনৰ নামত লাঠিচালনাৰ লগতে অতিমাত্ৰা কন্দুৱা গেছ প্ৰয়োগৰ ফলত মৃদুল ইছলাম নামৰ এজন অধিবক্তাৰ মৃত্যু হয়। তদুপৰি আৰক্ষীৰ আতিশয্যত কেইবাগৰাকীও সাংবাদিক আহত হয়। এই ঘটনাই অসম চৰকাৰৰ গণতন্ত্ৰ বিৰোধী চৰিত্ৰ স্পষ্ট কৰিছে। আম আদমি পাৰ্টীয়ে চৰকাৰৰ এনে হিটলাৰী নীতিৰ তীব্ৰ বিৰোধিতা কৰি এই বিক্ষোভ কাৰ্যসূচী পালন কৰিছে।” কাৰ্যসূচীত আপৰ যুৱ শক্তিৰ সৌৰভ কলিতা, মহিলা শক্তিৰ মঞ্জু ডেকা হুছেইন, অলকানন্দা ডেকাৰ লগতে বহুকেইগৰাকী দলীয় কৰ্মী উপস্থিত থাকে।