গুৱাহাটী, ৪ ডিচেম্বৰ, ২০২৪ : ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ শেহতীয়া অগ্নিগৰ্ভা পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে (Aam Admi Party)। দেশখনত থকা সংখ্যালঘু হিন্দু ধৰ্মাৱলম্বী নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বাংলাদেশ চৰকাৰৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে।
এই সন্দৰ্ভত আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ প্ৰশ্ন “সততে হিন্দুৰ আৱেগ লৈ ৰাজনীতি কৰা আৰু হিন্দুত্ববাদৰ কথা কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে চুবুৰীয়া ৰাষ্ট্ৰৰ হিন্দু সকলৰ এনে বিপদৰ সময়ত বাংলাদেশলৈ যোৱা নাই কিয়? এসময়ত ভাৰতৰ সেনা বাহিনীৰ সহযোগত স্বাধীনতা লাভ কৰা দেশখন মৌলবাদী শক্তিৰ গ্ৰাসত পৰাটো যথেষ্ট দুৰ্ভাগ্যজনক। আম আদমি পাৰ্টীয়ে বাংলাদেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত চলা এই বৰ্বৰতাৰ অৱসান বিচাৰিছোঁ।”
আনহাতে, ভাৰতৰ গুজৰাটত ২০০২ চনত সংঘটিত ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ ঘটনাক লৈ নিৰ্মাণ কৰা ‘সবৰমতী ৰিপ’ৰ্ট’ শীৰ্ষক ছবিখনক লৈ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাৰ এটি নিৰ্দেশৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে। ৰাজ্যৰ ছবিগৃহত ‘সবৰমতী ৰিপ’ৰ্ট’ প্ৰদৰ্শনৰ বাবে দিয়া চৰকাৰী নিৰ্দেশনাৰ তীব্ৰ বিৰোধিতা কৰিছে আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে।
প্ৰেছ বিবৃতিৰ জৰিয়তে আপৰ নেতাগৰাকীয়ে প্ৰশ্ন কৰে “ৰাজ্যৰ আঞ্চলিক ভাষাৰ কথাছবিৰ ক্ষেত্ৰত চৰকাৰে কেতিয়াবা এনে নিৰ্দেশ জাৰি কৰিছে নে? অসমৰ থলুৱা ভাষাত নিৰ্মিত ছবিৰ বাবে এতিয়াও বজাৰ সৃষ্টি হোৱা নাই। চৰকাৰে নিজৰ ৰাজ্যৰ ছবি উদ্যোগ টনকিয়াল কৰাৰ বাবে কি ব্যৱস্থা হাতত লৈছে?” গোধৰা কাণ্ডৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা ‘সবৰমতী ৰিপৰ্ট’ সন্দৰ্ভত ধানোৱাৰৰ স্পষ্ট কথা “মাথোঁ হিন্দুত্বৰ ৰাজনীতি আৰু সবৰমতী এক্সপ্ৰেছৰ অগ্নিকাণ্ডৰ পিছত সৃষ্ট গুজৰাটৰ হিংসাত্মক ঘটনাৰ ন্যায্যতা প্ৰতিপন্ন কৰিবৰ বাবে এই ছবি নিৰ্মাণ কৰা হৈছে। সেইবাবেই কেন্দ্ৰীয় চৰকাৰৰ উপৰি অসম চৰকাৰেও এই ছবিখনৰ প্ৰমোচনত লিপ্ত হৈছে। চৰকাৰৰ এনে ভূমিকাই হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিব পাৰে।”