গুৱাহাটী, ১ জুলাই, ২০২৪ : ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধমূলক ঘটনা (Crime Against Women) বৃদ্ধি পোৱাৰ অভিযোগ আম আদমি পাৰ্টী, অসমৰ। অসমত দৈনিক কমেও তিনিটাকৈ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে বুলি অভিযোগ আপ অসমৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাৰ। ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বলাৎকাৰীক কঠোৰ শাস্তিৰ দাবী আপ অসমৰ জ্যেষ্ঠ নেত্ৰী গৰাকীৰ। মহাবিদ্যালয়ৰ নাম ভৰ্তি মাচুল বৃদ্ধিৰ বিৰুদ্ধেও সৰৱ আপ অসমৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজা।
“বিগত কেইবামাহ ধৰি অসমত সঘনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যখনত ধাৰাবাহিকভাৱে মহিলাৰ বিৰুদ্ধে অপৰাধ, অত্যাচাৰ, বলাৎকাৰ আদিৰ ঘটনাই চৰম পৰ্যায় পাইছে। বিগত আঠ মাহত প্ৰায় ছয়শ নাৰী নিৰ্যাতন আৰু বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যত মহিলাৰ বিৰুদ্ধে এনে বৰ্ধিত অপৰাধমূলক ঘটনা অসমৰ সমাজ জীৱনৰ বাবে অতি চিন্তনীয় বিষয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ গৃহ বিভাগ তথা প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ এনেধৰণৰ ঘটনা বৃদ্ধি পাইছে।পূৰ্বে সংঘটিত ধৰ্ষণ, নিৰ্যাতনৰ বিৰুদ্ধে প্ৰশাসনে ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই এনেধৰণৰ অবাঞ্চিত ঘটনাবোৰ ব্যাপক হাৰত বৃদ্ধি পাইছে।” সোমবাৰে গুৱাহাটীৰ গণেশগুৰিস্থিত আম আদমি পাৰ্টীৰ কাৰ্যালয়ত দলৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই ৰাজ্যত সংঘটিত মহিলাৰ বিৰুদ্ধে অপৰাধ সন্দৰ্ভত এইদৰে মত ব্যক্ত কৰে।
বলাৎকাৰৰ বিৰুদ্ধে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আপৰ নেত্ৰী গৰাকীয়ে কয়,” এটা সমীক্ষা অনুসৰি অসমত দৈনিক কমেও ৩ টাকৈ বলাৎকাৰৰ ঘটনা সংঘটিত হয়। কিছুদিন পূৰ্বে কোকৰাঝাৰত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ পিছত যুৱতী গৰাকীৰ সহোদৰক নৃশংসভাৱে হত্যা কৰা হৈছিল। কেইদিনমান পূৰ্বেও ৰাজ্যখনত পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে। ৰাজ্যৰ প্ৰশাসন কঠোৰ নোহোৱা বাবেই বাৰম্বাৰ এনে ঘটনা সংঘটিত হ’বলৈ পাইছে। যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেটী বাচাওঁ, বেটী পঢ়াওঁ শ্লোগান দিছে সেই সময়তে অসমত বলাৎকাৰৰ বলি হোৱা মহিলা বা যুৱতী সকলে ন্যায় লাভৰ পৰাও বঞ্চিত হৈছে। আমি আম আদমী পাৰ্টিয়ে পঞ্জীয়নভূক্ত ধৰ্ষণৰ গোচৰ সমূহ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে নিষ্পত্তি কৰি দোষীৰ কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাওঁ।”
আনহাতে ৰাজ্যৰ কেইবাখনো জিলা পুনৰ বানপানীৰ কবলত পৰিছে। বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে এককালীন সাহায্য আৰু বিধ্বংসী বানত ঘৰ-ভেটি হেৰুৱাই সৰ্বস্বান্ত হোৱা সকলৰ আবাসনৰ ব্যৱস্থাৰ বাবে আপৰ নেত্ৰী গৰাকীয়ে দাবী উত্থাপন কৰে। ইপিনে চৰকাৰে মহাবিদ্যালয় সমূহত স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ মাচুল বৃদ্ধিৰ বিৰোধিতা কৰে আম আদমি পাৰ্টীয়ে। হঠাতে শিক্ষা বিভাগে অত্যাধিক মাচুলৰ বোজা জাপি দিয়াৰ তীব্ৰ বিৰোধিতা কৰি আপৰ নেত্ৰী অনুৰূপা ডেকাৰজাই কয়, “চৰকাৰে ছাত্ৰ-ছাত্ৰী বা অভিভাৱক সকলৰ সক্ষমতাৰ কথা চিন্তা নকৰি কলা, বাণিজ্য শাখাৰ নামভৰ্তিৰ মাচুল ৪,০৬০ টকাৰ পৰা ৭,১৮০ টকালৈ বৃদ্ধি কৰিছে। বিজ্ঞান শাখাৰ মাচুলো ৪,৯৬০ টকাৰ পৰা ৭,৪৮০ টকালৈ বৃদ্ধি কৰিছে। এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আমি চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰতি আহ্বান জনাইছোঁ।