গুৱাহাটী, ২ আগষ্ট, ২০২৫ : আম আদমি পাৰ্টী (Aam Admi Party), অসমে শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি “ঘৰ ঘৰ সংযোগ কাৰ্যসূচী“ আৰম্ভ কৰিছে৷ অসমৰ ৩ কোটি ৫০ লাখ লোকৰ সৈতে সংযোগ স্থাপনৰ লক্ষ্যৰে আৰম্ভ কৰা এই কাৰ্যসূচী ১২২ দিন ধৰি চলিব আৰু অহা নৱেম্বৰ মাহৰ ৩০ তাৰিখে অন্ত পৰিব এই কাৰ্যসূচীৰ৷ শুকুৰবাৰে “ঘৰ ঘৰ সংযোগ” কাৰ্যসূচী শুভাৰম্ভ কৰে দলটোৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডাঃ ভৱেন চৌধুৰীয়ে৷
গুৱাহাটীৰ মণিপুৰীবস্তিত ঘৰ ঘৰ সংযোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ডাঃ ভাৱেন চৌধুৰীয়ে আগন্তুক দিনত ৰাইজৰ সেৱা কৰিবৰ বাবে আপক ৰাইজৰ কাষলৈ আগবঢ়াই নিবলৈ ৰাইজৰ আৰ্শীবাদ বিচাৰে৷ কাৰ্যসূচীত ৰাজ্যিক উপ-সভাপতি অনুৰূপা ডেকাৰাজা, ৰাজ্যিক সম্পাদক ভিক্টৰ গগৈ, বল্লভ পাত্ৰ, প্ৰবীন শৰ্মা, মহিলা শক্তিৰ সভানেত্ৰী মঞ্জু ডেকা, অলকানন্দ ডেকা, বিমলা দেৱী আদিয়ে অংশগ্ৰহণ কৰে৷
আনহাতে দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সংগঠন) ৰাজীব শইকীয়াই গোলাঘাটৰ সৰুপথাৰত আপৰ এই ঘৰ ঘৰ কাৰ্যসূচী ৰূপায়ণ কৰে৷ ৰাজীৱ শইকীয়াই নিজা বুথ ২৮ নং, বাৰমুখীয়া এলপি স্কুল (সোঁ) আৰু ৩৩ নং বুথ, যোৰহটীয়া শিশু কল্যাণ বুথৰ ঘৰে ঘৰে গৈ কাৰ্যসূচী ৰূপায়ণ কৰে৷ এক বিবৃতিত দলটোৰ সাধাৰণ সম্পাদক ৰাজীব শইকীয়াই কয় যে এই কাৰ্যসূচীৰ যোগেদি দলে অসমৰ সকলো ধৰ্ম, ভাষা ভাষী, জাতি জনগোষ্ঠী লোকৰ সৈতে সংযোগ স্থাপন কৰি দিহা পৰামৰ্শ বিচাৰিব আৰু এই দিহা পৰামৰ্শৰ আধাৰত কৰ্মসূচী যুগুত কৰি আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত অৱৰ্তীণ হ’ব৷
২০২৬ ৰ নিৰ্বাচনত আম আদমি পাৰ্টীয়ে ১২৬ টা সমষ্টিতে প্ৰাৰ্থী দিব বুলি পুনৰ দোহাৰি ৰাজীব শইকীয়াই দৃঢ়তাৰে কয়, ২০২৬ ত অসমৰ ৰাইজৰ আশীৰ্বাদত আম আদমি পাৰ্টীৰ ঝাড়ু অসম বিধানসভাত সোমাব৷ ২০২৬ ৰ নিৰ্বাচনক আধাৰ হিচাপে লৈ ২০৩১ ত আম আদমি পাৰ্টীয়ে অসমত চৰকাৰ গঠনৰ লক্ষ্য লৈছে বুলি আপৰ ৰাজ্যিক সাধাৰণ সম্পাদকজনে প্ৰকাশ কৰে।