তিনিচুকীয়া, সংবাদ ৩৬৫, ২২ মে’ : দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ অনুমতিৰ বিৰোধিতা কৰি আছুৰ মানৱ শৃংখলা। দিহিং-পাটকাই ৰক্ষাৰ দাবীত শুকুৰবাৰে তিনিচুকীয়া জিলাত আছুৱে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

বিশ্বজুৰি কভিড-১৯ কৰ’ণা ভাইৰাছৰ তাণ্ডৱ অব্যাহত আছে। ভাৰতৰ কেইবাখনো ৰাজ্যৰ লগতে অসমতো কভিড-১৯ কৰ’ণা ভাইৰাছ ভয়াবহ ৰূপ ধাৰণ কৰিছে। অস্তিত্ব ৰক্ষাৰ বাবে সমগ্ৰহ মানৱ জাতিযে চলাই গৈছে কভিড-১৯ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ। ইয়াৰ মাজতে ৰাজ্যবাসীয়ে এখন অভয়াৰণ্যৰ অস্তিত্ব ৰক্ষাৰ যুঁজতো অৱতীৰ্ণ হ’ব লগা হৈছে। উজনি অসমৰ তিনিখনকৈ জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড় আৰু শিৱসাগৰৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ টিৰাপ আৰু চাংলাং জিলালৈ বিস্তৃত জৈৱ বৈচিত্ৰৰে ভৰা দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লাৰ খননৰ অনুমতি প্ৰদানৰ এক খবৰে বিশেষ চৰ্চা লাভ কৰিছে ৰাজ্যত। বৰ্ষাৰণ্যত কয়লা খননৰ অনুমতিযে উদিগ্ন কৰি তুলিছে প্ৰকৃতিপ্ৰেমী সকলৰ লগতে ৰাজ্যবাসীক। দিহিং-পাটকাই বৰ্ষাৰণ্যৰ চেলেকি হস্তী প্ৰকল্পৰ ৯৮.৫৯ হেক্টৰ ভূমিত কয়লা খননৰ বাবে ‘নেচনেল বৰ্ড অফ ৱাইল্ডলাই’ফে অনুমতি প্ৰদান কৰা সঠকাৰী সিদ্ধান্ত বাতিলৰ দাবীত শুকুৰবাৰে তিনিচুকীয়া জিলাত আছুৱে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লা মাফিয়াই কয়লাৰ অবৈধ খনন চলাই অভয়াৰণ্যখনত বনধ্বংস যজ্ঞ্য অৱ্যাহত ৰখাৰ মাজতে এইবাৰ চৰকাৰৰ প্ৰতক্ষ্য পৃষ্ঠপোষকতাত কয়লাৰ মুক্ত খনন কৰিবলৈ লোৱা সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে ৰাজ্যৰ বিভিন্ন দল ₹-সংগঠনৰ লগতে সদৌ অসম ছাত্ৰ সন্থাই। ইতিমধ্যে দিহিং-পাটকাই ৰক্ষাৰ বাবে সামাজিক মাধ্যমৰ জৰিয়তেও প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ যোৱা গৈছে ৰাজ্যৰ সচেতন যুবচামে। ইয়াৰ সমান্তৰালে তিনিচুকীয়া জিলাৰ ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক দিহিং-পাটকাইত অবৈধ কয়লা খনন কাৰ্য বন্ধ কৰিবলৈ দাবী জনাই দিহিং-পাটকাই বৰ্ষাৰণ্যত অবৈধ কয়লা খনন কার্য অতি শীঘ্ৰে বন্ধ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ বিস্তৃতি আৰু ঘন বনাঞ্চলৰ বাবে সমগ্ৰহ বিশ্বতে এই বন্যপ্ৰাণী অভয়াৰণ্যখন বিখ্যাত ‘আমাজন অফ ইষ্ট’ নামেৰে। দিহিং-পাটকাই বৰ্ষাৰণ্য মূলতে চিৰসেউজীয়া বনাঞ্চল, বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ লগতে ৪২ বিধ স্তন্যপায়ী প্ৰাণী, ৩০ বিধ পখিলা, ৪০ বিধ সৰীসৃপ প্ৰাণী হলৌ বান্দৰ, লাজুকী বান্দৰ, টুপীমূৰীয়া বান্দৰ, ঢেকীয়াপতিয়া বাঘ, নাহৰফুটুকী বাঘ, হাতী আৰু বহু বন্যপ্ৰাণীৰ বাসস্থান। বৰ্ষাৰণ্যখনত চৰকাৰে কয়লা খননৰ অনুমতি প্ৰদান কৰাৰ পিছত ৰাজ্যজুৰি ইয়াৰ বিৰোধিতা দেখিবলৈ পোৱা গৈছে যদিও দিহিং-পাটকাই বৰ্ষাৰণ্যত অবৈধ কয়লা খনন বহু পূৰ্বৰে পৰা চলি থকাৰ বাতৰি বিভিন্ন সময়ত প্ৰকাশ পাই আছে।