জনীয়া, সংবাদ ৩৬৫, ৯ অক্টোবৰ : আগন্তুক ২১ অক্টোবৰত ৰাজ্যৰ চাৰিটা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ ভিতৰত বৰপেটা জিলাৰ জনীয়া সমষ্টি হৈছে এটা উল্লেখনীয় সমষ্টি। এই সমষ্টিটোত কংগ্ৰেছ দলৰ পৰা কুৰি গৰাকী প্ৰাৰ্থীয়ে দলীয় টিকট বিচাৰি আবেদন কৰিছিল। তাৰে ভিতৰত আছিল প্ৰাক্তন বিধায়ক আব্দুৰ ৰৌফ। কিন্তু আব্দুৰ ৰৌফ টিকটৰ পৰা বঞ্চিত হয়।

টিকটৰ পৰা বঞ্চিত হোৱা পাছত প্ৰাক্তন বিধায়ক গৰাকীয়ে ইউ ডি এফ দলত যোগদান কৰে। কংগ্ৰেছ দল ত্যাগ কৰি ইউ ডি এফত যোগদান কৰা সম্পৰ্কে সাংবাদিকে জানিব বিচৰাত তেওঁ কয় যে, কংগ্ৰেছ দল হৈছে কেৱল এৰুপ্লেনত ঘূৰি ফুৰা দল। এই দলত কোনো গৰিব-দুখীয়া মানুহৰ সমস্যাৰ স্থান নাই। বিশেষকৈ সংখ্যালঘু ৰাইজৰ এই দলত কোনো মূল্য নাই। কংগ্ৰেছত লবি কেন্দ্ৰিক আৰু পৰিয়াল কেন্দ্ৰিক ৰাজনীতি চলে য’ত সংখ্যালঘু মানুহৰ কোনো নিৰাপত্তা নাই।

তাৰ বিপৰীতে ইউ ডি এফ হৈছে গৰীব দুখীয়া মানুহৰ সমস্যাকলৈ যুদ্ধ কৰা ৰাইজৰ দল যাৰ বাবে ইউ ডি এফত যোগদান কৰিলো আৰু ইউ ডি এফত যোগদান কৰি নিজ ঘৰলৈ উভতি অহাৰ নিচিনা লাগিছে তাৎপয্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

কেব আৰু এন আৰ চিলৈও কংগ্ৰেছে দুমুখীয়া নীতি গ্ৰহণ কৰিছে বুলিও মন্তব্য কৰে প্ৰাক্তন বিধায়ক গৰাকীয়ে।

উল্লেখ্য যে কংগ্ৰেছ দলৰ পৰা টিকট বঞ্চিত হৈ এ আই ইউ ডি এফত যোগদান কৰাৰ অভিযোগ নস‍্যাত কৰি কয় যে ইউ ডি এফত যোগদান কৰাটো কোনো টিকট কেন্দ্ৰিক নহয়।