গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ৭ ডিচেম্বৰ : সমগ্ৰ উত্তৰ-পূব কেব বিৰোধী আন্দোলনেৰে উত্তাল হৈ থকাৰ সময়তে শনিবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে কেবৰ সপক্ষেৰে এক আন্দোলন কৰে । পিছে আন্দোলনকাৰীয়ে নাজানে কেব মানে কি ?

সাংবাদিকে কিয় প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি সোধা প্রশ্নৰ উত্তৰত কয় যে কেব লাগে সেইকাৰণেই আমি প্ৰতিবাদ কৰিছো।

ইয়াৰোপৰি সংবাদ মাধ্যমৰ আগত কিছুমান অদ্ভুত মন্তব্যও কৰে কেব সমৰ্থনকাৰীসকলে । তেওঁলোকে কয় যে অসম স্বাধীন কৰিবলৈ কেব লাগে , স্বাস্থ্যৰ কাৰণে কেব লাগে, পপুলেচন বেছি সেইকাৰণে কেব লাগে ।

কিছু সংখ্যকে কৈছে ন’ কমেণ্ট । কিছুৱে কৈছে কেব লাগে , কেব আমাৰ অধিকাৰ , দেশৰ লগতে ছাত্ৰৰ দহৰ কাৰণে কেব লাগে , ৰাজ্যত শান্তি, সুৰক্ষাৰ বাবে কেব লাগে।

এইসকল প্ৰতিবাদকাৰীয়ে আচলতে নাজানে কেব কি ? নাজানে কেবৰ সম্পূৰ্ণ নাম । প্ৰতিবাদ কৰিব লাগে কাৰণেই প্ৰতিবাদ কৰিছে প্ৰতিবাদকাৰীসকলে।

প্ৰশ্ন হয় এই প্ৰতিবাদকাৰীসকলক এ বি ভি পিয়ে ভাড়াত আনিছে নেকি ? কেবৰ সমৰ্থনত নূন্যতমো জ্ঞান নথকাকৈ কিয় ৰাজপথত এনেদৰে ওলাই আহিছে এ বি ভি পি।

এই প্ৰতিবাদকাৰীৰ জ্ঞানৰ নমুনা চাই গম পাবি পাৰি যে প্ৰলোভনেৰে ছাত্ৰ-ছাত্ৰীসকলক ৰাজপথত নমাইছে একাংশ কেব সমৰ্থনকাৰী নেতাই । ইয়াৰ পৰাই গম পাব পাৰি যে একাংশ ছাত্ৰ নেতাই নিজ স্বাৰ্থত এনেদৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক বিপথে পৰিচালিত কৰে।