গুৱাহাটী, সংবাদ ৩৬৫, ১৫ জুন : অগ্ৰণী সামাজিক’ সাংস্কৃতিক, পৰিবেশ সংগঠন “পিপলছ ফ্রেণ্ড ফাউণ্ডেছন”ৰ উদ্যোগত ছমহীয়াকৈ প্ৰকাশ কৰা প্ৰকৃতি আৰু পৰিবেশ সম্পৰ্কীয় দ্বিভাষিক আলোচনী গ্ৰীণ টকৰ পঞ্চম সংখ্যাৰ উন্মোচনী অনুষ্ঠান গুৱাহাটীৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হয়। মুখ্য অতিথি হিচাপে আসন গ্ৰহণ কৰি বিশিষ্ট বিজ্ঞানী ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য্যই আলোচনীখনৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

“পিপলছ ফ্রেণ্ড ফাউণ্ডেছন”ৰ পৰিৱেশ সজাগতাৰ পদক্ষেপৰ অংশ হিচাপে সংগঠনটোৱে অহা ২০২০ চনৰ বাবে এনভাইৰ’মেণ্ট ক্ৰুছেডাৰ বঁটা ২০২০ শীৰ্ষক এটি বঁটা প্ৰদানৰ কথা উক্ত অনুষ্ঠানটোৰ অধ্যক্ষ উজ্জ্বল বৰাই ঘোষণা কৰে।

উল্লেখযোগ্য যে জানুৱাৰীত প্ৰদান কৰিব লগা উক্ত বঁটাৰ বাবে পৰিৱেশ ৰক্ষাৰ নামত নিয়োজিত যিকোনো ব্যক্তি বা তেওঁৰ হৈ কোনো প্ৰতিনিধিয়ে মনোনয়ন দাখিল কৰিব পাৰিব। মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া অহা নৱেম্বৰ মাহৰ ২৫ তাৰিখলৈকে খোলা থাকিব। ইয়াৰ বাবে আগ্ৰহীসকলে pff.india@gmail. com ইমেইলত যোগাযোগ কৰিব পাৰিব ইয়াৰোপৰি সংগঠনটোৱে অহা জানুৱাৰী মাহত উদ্যোগশীলতা, শিক্ষা আৰু কৈশোৰ প্ৰতিভা শিতানতো প্ৰজ্ঞা প্ৰেৰণা বঁটা শীৰ্ষক দ্বিতীয়বাৰৰ বাবে প্ৰদান কৰিব