নিউজ ডেস্ক : পুনৰ আফগানিস্তানত আৰম্ভ হ’ল তালিবান ৰাজৰ। কাবুল দখলৰ পিছতে সম্পূৰ্ণৰূপে আফগানিস্তান নিজৰ অধীনলৈ আনিবলৈ সক্ষম হ’ল তালিবান। তালিবনৰ আগত তিষ্ঠি থাকিব নোৱাৰি আত্মসমৰ্পণ কৰিলে আফগানিস্তানৰ সেনাই। দেশ এৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতি অশ্ৰাফ গণিয়ে। আফগানিস্তানত থকা ভাৰতীয় লোক সকলক আনিবলৈ আফগানিস্তানত ভাৰতৰ বিশেষ বিমান।

অৱশেষত দেওবাৰে আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰিলে তালিবান সেনাই। কাবুল দখল কৰাৰ পিছতে তালিবানে সম্পূৰ্ণৰূপে আফগানিস্তান নিজৰ দখললৈ আনিবলৈ সক্ষম হ’ল। আফগানিস্তান তালিবানৰ অধীনলৈ যোৱাৰ পিছতে আফগানিস্তানৰ ৰাষ্ট্ৰপতি অশ্ৰাফ গণিয়ে দেশ এৰি যোৱাৰ খবৰ ওলাইছে। জানিব পৰা মতে অশ্ৰাফ গণি তাজাকিস্তানলৈ গৈছে।

ইফালে আফগানিস্তানৰ ৰাষ্ট্ৰপতিৰ কাৰ্যায়লৰ ফালৰ পৰা অশ্ৰাফ গণি সন্দৰ্ভত কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা হোৱা নাই। ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে যে অশ্ৰাফ গণিৰ সুৰক্ষাৰ বাবে তেওঁৰ সম্পৰ্কে কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা হোৱা নাই। আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ্ছক তালিবানৰ এজন বিষয়াই অশ্ৰাফ গণিৰ দেশ এৰি যোৱা খবৰৰ তদন্ত কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে।

দেশখন দেওবাৰে সম্পূৰ্ণৰূপে তালিবানৰ অধীনলৈ যোৱাৰ পিছত আফগানিস্তানৰ বহু লোকে দেশ এৰি ওলাই যাবলৈ প্ৰস্তুত হৈছে। আমেৰিকাৰ লগতে অন্যান্য দেশ সমূহে আফগানিস্তানত থকা নিজৰ নাগৰিক সকলক ওলাই অনাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ভাৰতীয় বিমানো ইতিমধ্যে আফগানিস্তানত উপস্থিত হৈছে ভাৰতীয় নাগৰিক সকলক আফগানিস্তানৰ পৰা উলিয়াই অনাৰ বাবে।