গুৱাহাটী,সংবাদ৩৬৫,৭মাৰ্চ: বৃহস্পতিবাৰে অগপৰ কাৰ্য্যালয়ত পুৱাই পুৱাই সৃষ্টি হ’ল এক অকল্পনীয় পৰিস্থিতিৰ। অগপৰ মহিলা মৰ্চাৰ কাৰ্য্যসূচী চলি থাকোতেই এজন ব্যক্তিয়ে অগপৰ কাৰ্য্যালয়ত উপস্থিত হৈ কাৰ্য্যালয়ৰ মূল গেটত ওলমালে এটা তলা।

উক্ত ব্যক্তিজনৰ নাম মন্টু দত্ত। ঘৰ যোৰহাটত। জানিব পৰা মতে তেখেত তৃণমূল কৰ্মী। শেহতীয়াকৈ অগপই বিজেপিৰ লগত মিত্ৰতা কৰাৰ বিষয়টোৰ ক্ষেত্ৰত মিন্টু দত্ত অসন্তুষ্ট হয় আৰু বৃহস্পতি বাৰে পুৱাই আহি অগপৰ কাৰ্য্যালয়ত উপস্থিত হয়। সেই সময়ত কাৰ্য্যালয় চৌহদত চলি আছিল অগপ মহিলা মৰ্চাৰ শোকসভাৰ কাৰ্যসূচী।

যোৱা কেইবাদিনৰ আগতেই অসম মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী সীমা পাৰবিন বৰা, অসম মহিলা পৰিষদৰ সাধাৰণ সম্পাদিকা জোৎস্ব্না নাথ,উপ সভানেত্ৰী তুলুমণি মণি বৰুৱা,গীতাঞ্জলি দাসৰ মৃত্যু হৈছিল আৰু সেই উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছিল। অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি থাকোঁতেই মন্টু দত্ত নামৰ ব্যক্তিজনে অগপৰ কাৰ্য্যালয়ত গৈ বাহিৰৰ পৰা এটা তলা লগাই মূল গেট বন্ধ কৰি দিয়ে।

বিজেপিৰে সৈতে অগপৰ গোপন বুজাবুজিৰ অভিযোগত এনেদৰে যোৰহাটৰ পৰা গৈ প্ৰতিবাদ কৰে  তৃণমূল কৰ্মীজনে। ৩০ মিনিট ধৰি অগপ কাৰ্যালয়ত ওলমি থাকিল তলাটো।আনহাতে, মহিলা নেত্ৰীৰ সৈতেও তীব্ৰ বাকযুদ্ধত লিপ্ত হয় মণ্টু দত্তই।

মন্টু দত্তই প্ৰতিবাদ সাব্যস্ত কৰি কয় যে এই দল মৰিবলৈ গৈ আছে। এই দল জীয়াব লাগিব। অগপৰ কাৰ্য্যালয় অতুল বৰা বা কেশৱ মহন্তৰ সম্পত্তি নহয়।

পাছত সভাপতিৰ সৈতে আলোচনাৰ আশ্বাস দিয়াত প্ৰতিবাদকাৰী মন্টু দত্তই খুলি দিলে তলাটো।