গুৱাহাটী, নৱেম্বৰ ১৬: বহু প্রশংসিত, বহু চৰ্চিত অসমীয়া চলচিত্র এই মাটিতেৰ বিশেষ দর্শনী অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন ঠাইত আয়োজিত হ’ব ধৰিছে। অঙ্গীকাৰ ফিল্মছৰ বেনাৰত নির্মিত প্ৰসিদ্ধ নাট্য ব্যক্তিত্ব তথা শিক্ষাবিদ ড° সীতা নাথ লহকৰৰ প্ৰথম ছবি ‘এই মাটিতে” যোৱা মাহত সমগ্ৰ অসমতে বাণিজ্যিকভাৱে মুক্তি দিয়া হৈছিল। বিখনে দৰ্শকৰ ভূয়সী প্রশংসা লাভ কৰিছে৷ ডাইনী হত্যাৰ ওপৰত প্ৰস্তুত কৰা ছবিখনৰ নিৰ্মাতাৰ প্ৰচেষ্টাক সর্বস্তৰৰ দর্শকে বাৰুকৈয়ে শলাগিছে। উচ্চ প্রশংসাৰে উপচি পৰিছে ছচিয়েল মিডিয়া”। দর্শকৰ এনে উৎসাহজনক আদৰণিৰ প্ৰতি লক্ষ্য ৰাখি অঙ্গীকাৰ ফিল্মছে ৰাজ্যখনৰ বিভিন্ন ঠাইত স্থানীয় সংগঠনৰ সহযোগত ছবিখনৰ বিশেষ দৰ্শনীৰ  উদ্যোগ হাতত লৈছে৷ ইতিমধ্যে যোৱা ২৪ অক্টোবৰত তেজপুৰ বিশ্ববিদ্যালয়ত তেনে এক দর্শনী হৈ গৈছে। অহা ১৮ নৱেম্বৰত সৰভোগত হ’ব দুটাকৈ দর্শনী। ১ৰ পৰা ৩ ডিচেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ৯ টাকৈ দর্শনী অনুষ্ঠিত হ’ব নলবাৰী চহৰত। আকৌ অহা ২০ নৱেম্বৰত গুৱাহাটী জিলা পুথিভঁৰাল প্রেক্ষাগৃহত চিনেমাখনৰ দুটা বিশেষ প্রদর্শনী হ’ব ক্ৰমে বিয়লি ৩-১৫ বজাত আৰু সন্ধিয়া ৬-৩০ বজাত। বিশেষ দর্শনীৰ ওপৰত মন্তব্য কৰি ড° লহকৰে কয় – “বাণিজ্যিক মুক্তিৰ পিছত আমি বিভিন্ন ঠাইৰ মানুহৰ পৰা চিনেমাখন প্রদশর্নীৰ অনুৰোধ পাইছে। ছবিখন যিহেতু গ্রামাঞ্চল আৰু মফচল চহৰৰ জুলন্ত সমস্যা ডাইনীহত্যা আধাৰিত, সেইবোৰ অঞ্চলৰ বেচিত বেচি মানুহৰ ওচৰলৈ ছবিখন লৈ যাবলৈ আমি বিশেষভাৱে আগ্রহী ৷ শুভ লক্ষণ যে স্থানীয় যুৱকুল আৰু সংগঠন কিছুমানে চিনেমাখন প্ৰদৰ্শনৰ বাবে সদিচ্ছাৰে আগবাঢ়ি আহিছে৷ ”বোলছবিখন ড° লহকৰৰ ডাইনী হত্যাৰ ওপৰত ৰচিত বিখ্যাত নাটক তমসাৰ ভিত্তিত নিৰ্মিত ৷ ইয়াৰ কাহিনী, চিত্ৰনাট্য, সংলাপ, গীতৰ কথা কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ ড° লহকৰৰে৷ “এক্সন ড্রামা’ ধৰ্মী চিনেমাখনত কিছুমান অতি জটিল দৃশ্য সন্নিৱিষ্ট হৈছে যিবােৰৰ দৃশ্যগ্রহণ অতি সাৱধানতাৰে যথার্থভাৱে কৰা হৈছে। এনে দৃশ্য অসমীয়া চিনেমাত অতি বিৰল। চিনেমাখনত ডাইনীৰ নামত হােৱা কিছুমান অমানৱিক হত্যাকাণ্ড চিত্রশৈলীৰ মাজেৰে দেখুওৱা হৈছে। বৈজ্ঞানিক মানসিকতা আৰু মানৱ জীৱনৰ বন্দনা গোৱা চিনেমাখনৰ শক্তিশালী বক্তব্যটাে হৈছে ডাহিনী হত্যাৰ কোনো যুক্তি নাই, ই কেৱল অন্ধবিশ্বাসেৰে আৱৰা। এই সমস্যাৰ বিৰুদ্ধে সমাজেই যুঁজিব লাগিব-জিকিব লাগিব।