পলাশবাৰী, সংবাদ ৩৬৫, ১১ জুন : এজাক বৰষুণতে বুৰ গল বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ।

মঙ্গলবাৰে পুৱাৰ ভাগত অহা এজাক মুষলধাৰ বৰষুণৰ ফলত বিমানবন্দৰৰ সমুখৰ ভাগ কৃত্ৰিম বানত বুৰ যায়। বিশেষ কৈ বিমানবন্দৰৰ টেক্সি ষ্টেণ্ড,কাৰগো সন্মুখভাগ,মূলপথৰ লগতে যাত্ৰীয়ে অহা যোৱা কৰা পথটো ও কৃত্ৰিম বানত বুৰ যোৱাৰ ফলত যাত্ৰীৰ মাজত হাহাকাৰ সৃষ্টি হয়।

উল্লেখ্য যে যোৱা এবছৰ আগতে বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো নতুনকৈ নিৰ্মান কৰা হৈছিল ।কিন্তু পানী ওলাই যোৱাৰ যি ব্যৱস্থা কৰিব লাগিছিল সেয়া বিমানবন্দৰ কৰ্তৃপক্ষই নকৰাৰ ফলত এনেদৰে এজাক বৰষুণতে পানীত বুৰ যায় বিমানবন্দৰৰ চৌহদ ।